তিনিচুকীয়া চহৰৰ টি ডি এ মাৰ্কেটত ২৭ জুনত ডিগবৈৰ দ্বীপজ্যোতি বৰ শইকীয়া নামৰ এগৰাকী যুবকক টি ডি এ মাৰ্কেটৰ চনু মবাইল নামৰ দোকানখনৰ স্বত্বাধিকাৰী চনু ৰাজ হকৰ লগতে এটা দ’লে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে।
পৰৱৰ্তী সময়ত যুৱকজনে তিনিচুকীয়া সদৰ আৰক্ষী থানাত দলটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে যদিও চনু মবাইলৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ নকৰা বুলি তিনিচুকীয়াত বিভিন্ন দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
দল-সংগঠনৰ অভিযোগ অনুসৰি, সেই সময়তে মিকি মবাইলৰ স্বত্বাধিকাৰী মজিদ আখতাৰে আৰক্ষী তেখেতৰ হাতৰ মুঠিত। মিকিয়ে ফোন কৰিলে কোনো থানাতে ৰুজু নকৰে গোচৰ বুলি দম্ভালি মাৰিছিল। লগতে কিছু সাম্প্ৰদায়িক মন্তব্যও কৰিছিল। মিকিয়ে বহু বিষয়াক উপহাৰ হিচাপে দামী দামী মবাইল ফোন দিয়াৰ বাবেই তেনেদৰে দম্ভালি মাৰিব পাৰিছে ৷ তাৰ পাছতে টি ডি এ মাৰ্কেটৰ সন্মুখত তিনিচুকীয়াৰ বিভিন্ন দল-সংগঠনে ধাৰাবাহিকভাৱে তিনিটাকৈ দিন সাব্যস্ত কৰা প্ৰতিবাদৰ অন্তত জিলা প্ৰশাসনক কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে আৰু তিনিচুকীয়া সদৰ আৰক্ষী থানাতো এখন এজাহাৰ দাখিল কৰে।
এজাহাৰ আৰু স্মাৰকপত্ৰৰ জৰিয়তে দুখিক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ লগতে টি ডি মাৰ্কেটত একাংশই নীতি বৰ্হিভূতভাৱে বহুকেইখন দোকান নিজৰ হাতলৈ আনি নিবনুৱাক প্ৰতাৰণা কৰি ব্যৱসায় চলোৱা, বহু সামগ্ৰী কৰ ফাঁকিৰে ব্যৱসায় চলোৱা আৰু অবৈধভাৱে পাৰ্কিঙৰ ব্যৱসায় চলোৱাৰ তদন্তৰ দাবী জনায়৷
পৰৱৰ্তী সময়ত জিলা প্ৰশাসনেও দণ্ডাধীশ পয্যায়ৰ এক তদন্ত ঘোষণা কৰে । সেই তদন্তৰ সমান্তৰালভাৱে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত এটা বিশেষ আৰক্ষীৰ দ’লে মোবাইল ব্যৱসায়ী মজিদ আখতাৰ ওৰফে মিকিৰ হিজুগুৰিস্থিত বাসগৃহত আজি পুৱাই অভিযান চলাই দুটা অস্ত্ৰসহ মজিদ আখতাৰ উৰফে মিকিক আটক কৰে ৷ লগতে জব্দ কৰে মিকিৰ এ এছ ২৩ এ এইছ ৮৭৪৪ নম্বৰৰ এখন বি এম ডব্লিউ ৰ বিলাসী বাহন ৷ সমান্তৰালভাৱে আন এখন মবাইল দোকান মেগা ট্ৰেণ্ডৰ স্বত্বাধিকাৰী আবুল চাহদাব আৰু আবুল বাছাৰক আটক কৰি তিনিচুকীয়া সদৰ আৰক্ষী থানাত শীৰ্ষ আৰক্ষী বিষয়াই মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷
সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসে কয় যে, “তিনিচুকীয়া আৰক্ষীৰ ওচৰত অভিযোগ এটা আহিছিল আৰু তিনিচুকীয়া সদৰ আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰক লৈ তদন্ত চলি থকাৰ পাছত মিকি মবাইলৰ স্বত্বাধিকাৰী মাজিদ আখতাৰ আৰু আন কেইজনমানে সাম্প্ৰদায়িক কৰিব বিচাৰিছিল ৷ সেই অভিযোগৰ ভিত্তিত আজি অভিযান চলোৱা হয় আৰু অভিযানত মজিদ আখতাৰ ওৰফে মিকিক আটক কৰা হয়।
লগতে দুটা মাৰনাস্ত্ৰ আৰু এখন বাহন জব্দ কৰা হয় ৷” ইফালে, তিনিচুকীয়া টি ডি এ মাৰ্কেটৰ মবাইল প্ৰতিষ্ঠানত জিলা প্ৰশাসন, তিনিচুকীয়া পৌৰসভা আৰু তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ দলটোৱে চলোৱা অভিযানৰ সন্দৰ্ভত তিনিচুকীয়া পৌৰসভাৰ এগৰাকী বিষয়াই কয় যে, “টি ডি এ মাৰ্কেট কমপ্লেক্সত ১৮৪ খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰদান কৰা ব্যৱস্থাৰ ওপৰত তদন্ত এটা চলি আছে ৷ অভিযোগ উঠিছে যে দুই, এজন লোকে ১০ খন ১২ খন দোকান লৈ ব্যৱসায় চলাই আছে, অথচ তেওঁলোকৰ নামত পঞ্জীয়ন হোৱা নাই। সেইকাৰণে দণ্ডাধীশ পয্যায়ৰ এটা তদন্ত চলি আছে আৰু আজি আহি কেইখনমান দোকানত আহি পৰীক্ষা কৰিলোঁ। এতিয়া ক’ব পৰা অৱস্থাত নাই, কিছুমানে নথিপত্ৰ দেখাব পাৰিছে কিছুমানে অলপ সময় বিচাৰিছে। যিহেতু ২০০২ চনতে প্ৰদান কৰা দোকানসমূহ, গতিকে নথিপত্ৰ বিচাৰোঁতে অলপ সময় লাগিব। পৰৱৰ্তী সময়ত সম্পূৰ্ণ নথিপত্ৰ চাই গ’ম পোৱা যাব।”
বিশেষ বাৰ্তা, তিনিচুকীয়াঃ Date of Published, 5 July