নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰকীয়া প্ৰেমৰ সন্দেহ! পেট্ৰ’ল ঢালি পত্নীক জুই লগাই হত্যাৰ চেষ্টা স্বামীৰ

নিশা স্বামী তপন কাহাৰ সুৰামত্ত অৱস্থাত ঘৰত প্ৰৱেশ কৰি প্ৰত্যক্ষ কৰে যে পত্নী ৰীমা কাহাৰে ফোনত কথা পাতি আছে

ঘটনাটো সংঘটিত হৈছে কাছাৰৰ লক্ষীপুৰ সমজিলাৰ বাণ্ডু চাহ বাগিচাত। ঘটনা অনুসৰি পেট্ৰ’ল ঢালি পত্নীক জুই লগাই হত্যাৰ চেষ্টা চলাইছে স্বামীয়ে।

অভিযুক্ত স্বামী তপন কাহাৰক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঘটনা সোমবাৰৰ নিশাৰ।

জানিব মতে, নিশা স্বামী তপন কাহাৰ সুৰামত্ত অৱস্থাত ঘৰত প্ৰৱেশ কৰি প্ৰত্যক্ষ কৰে যে পত্নী ৰীমা কাহাৰে ফোনত কথা পাতি আছে। পত্নীক ফোনত দেখি স্বামী তপন কাহাৰৰ সন্দেহ হয় যে পত্নীয়ে তেওঁৰ পৰকীয়া প্ৰেমিকৰ সৈতে ফোনত কথা পাতিছে।

ইয়াকে লৈ দুয়োৰে মাজত আৰম্ভ হয় কাজিয়াৰ। এটা সময়ত স্বামী তপন কাহাৰে পত্নীৰ শৰীৰত পেট্ৰল ঢালি জুই লগাই দিয়ে। ঘটনাত অগ্নিদগ্ধ হৈ গুৰুতৰ আহত হয় বোৱাৰীগৰাকী৷

ঘটনাৰ পাছত প্ৰতিৱেশীসকলে ঘটনা প্ৰত্যক্ষ কৰি বোৱাৰীগৰাকীক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। বৰ্তমান বোৱাৰীগৰাকী শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে।

ইপিনে ঘটনাৰে জড়িত অভিযুক্ত স্বামী তপন কাহাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ডিজিটেল ডেস্ক, ৩০ অক্টোবৰ

You might also like