বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰ : ধমধমাৰ নিকটৱৰ্তী বাক্সা জিলাৰ গোৱালবিলত আজি পুৱা হাতীৰ আক্ৰমণত মহিলাসহ দুগৰাকীকৈ লোক নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ঘটনাৰ বিৱৰণী অনুসৰি, বাক্সা জিলাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত গোৱালবিল গাঁৱত আজি পুৱতি নিশা বনৰীয়া হাতীৰ জাক এটাই প্ৰৱেশ কৰে। প্ৰথমে বনৰীয়া হাতীৰ জাকটোৱে লোহিত দাস নামৰ লোকজনক শৌচাগাৰৰ ভিতৰত আক্ৰমণ কৰে। বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় লোহিত দাস নামৰ লোকজন। স্থানীয় ৰাইজৰ তৎপৰতাত মুমূৰ্ষু অৱস্থাত লোহিত দাসক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যুক আঁকোৱালি লয় লোহিত দাসে।
ইফালে, লোহিত দাসক আক্ৰমণ কৰিয়েই বনৰীয়া হাতীৰ জাকটোৱে গাঁওখনৰ ববিতা দাস নামৰ মহিলাগৰাকীয়ে প্ৰাতঃভ্ৰমণলৈ আহোঁতেই হাতীৰ জাকটোৱে ববিতা দাসক আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত থিতাতে নিহত হয় ববিতা দাস নামৰ মহিলাগৰাকীও। দুগৰাকীকৈ লোক বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱাত গাঁওখনত উত্তপ্ত হৈ পৰে পৰিস্থিতি। বন বিভাগৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ লোক । ক্ষুব্ধ ৰাইজে বহু সময় ধৰি ধমধমা-তামুলপুৰ পথ অৱৰোধ কৰে । ৰাইজে বহু সময় ধৰি মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ ক্ষেত্ৰত আৰক্ষীক বাধা আৰোপ কৰে। পিছত বাক্সা জিলাৰ আৰক্ষী অধীক্ষক, অৰ্ধসামৰিক বাহিনীৰ লোককে ধৰি ভালেসংখ্যক আৰক্ষী বিষয়াৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱাৰ ব্যৱস্থা কৰা হয়।
ইফালে, বাক্সা জিলা বন বিভাগৰ বিষয়া প্ৰদীপ কুমাৰ ভূঞাৰ উপস্থিতিতে ৰাইজে বন বিভাগৰ গাফিলতিক লৈ ক্ষুণ্ণ হৈ পৰে । বন বিভাগৰ লোক প্ৰতিখন ডাম্পাৰৰ পৰা নিশা হ’লে টকা লোৱাৰ লগতে মদ খাই ডিউটিত ব্যস্ত থকাৰ অভিযোগ তোলে স্থানীয় ৰাইজে।
আনহাতে, বিগত কেইবছৰমান ধৰি বৃহত্তৰ অঞ্চলটোত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই আহিছে যদিও বন বিভাগ হাতীৰ জাকটোক খেদি পঠিওৱাত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে।