নিয়মীয়া বাৰ্তা, শিলচৰ, ৭ ছেপ্টেম্বৰ : শিলচৰৰ পৰা দুজন ভুৱা দন্ত চিকিৎসকক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেওবাৰে শিলচৰত অনুষ্ঠিত এখন সংবাদ মেলত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে যোৱা ২ ছেপ্টেম্বৰত ভাৰতীয় দন্ত চিকিৎসা সংস্থাৰ অসম ৰাজ্যিক শাখাৰ ডাঃ প্ৰদীপ কুমাৰ দাসে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে শিলচৰ চহৰ অঞ্চলত অভিযান চলাই দুজন ভুৱা দন্ত চিকিৎসকক গ্ৰেপ্তাৰ কৰে।
তাৰাপুৰ ইণ্ডিয়া ক্লাবত অৱস্থিত মছজিদ কমপ্লেক্সৰ হাজাৰী ডেণ্টেল ক্লিনিক আৰু মজুমদাৰ ডেন্টেল ক্লিনিক নামৰ দুখন দন্ত চিকিৎসালয়ত আৰক্ষীয়ে অভিযান চলাই অবৈধভাৱে দন্ত চিকিৎসক হিচাপে কৰ্মৰত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। তেওঁলোক হ’ল কমৰুল ইছলাম হাজাৰী (৫০) মধুৰবন্দ আৰু টিংকু মজুমদাৰ (৫৩) মালুগ্ৰাম শিৱবাৰী ৰোডৰ বাসিন্দা।
তেওঁ কয় যে আৰক্ষীৰ অভিযানৰ সময়ত তেওঁলোকে দন্ত ৰোগীক দেখিছিল। অভিযানৰ সময়ত আৰক্ষীয়ে কমৰুল ইছলাম হাজাৰীৰ পৰা ডাক্তৰৰ পেড জব্দ কৰে, য’ত তেওঁৰ নাম আৰু শিক্ষাগত অৰ্হতা লিখা আছিল দন্ত চিকিৎসক হিচাপে। এই সন্দৰ্ভত অধিক তদন্ত চলি থকা বুলিও জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জনায়।