নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ৬ এপ্ৰিল : ৰূপহীহাটৰ ১নং কাঠপাৰাত যোৱানিশা ৰাইজৰ প্ৰহাৰত মৃত্যু হয় দুই ডকাইতৰ। ৰাইজৰ প্ৰহাৰত মৃত্যু হোৱা ডকাইত দুজনৰ এজনৰ নাম চফি উল্লাহ আৰু আনজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। আহত ডকাইত দুজন হ’ল কদমগুৰিৰ ইমানুল হক আৰু লৰীৰমুখৰ ৰেকিব বুলি চিনাক্ত হৈছে।
নিশা দুই বজাত মুজ্জামিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ১০-১২ জনীয়া এটি ডকাইতৰ দলে প্ৰৱেশ কৰিছিল। ডকাইতৰ দলটোৱে হাতে হাতে চোকা অস্ত্ৰ লৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি গৃহস্থৰ হাত-ভৰি বান্ধি ছয় বছৰীয়া কন্যা সন্তানৰ ডিঙিত চোকা অস্ত্ৰ লগাই চাৰি লক্ষাধিক টকাৰ আ-অলংকাৰ লুট কৰি ওলাই যোৱাৰ সময়তে চিঞৰ-বাখৰ কৰাত ওচৰ-চুবুৰীয়া ৰাইজ ওলাই আহে।
ৰাইজে খেদি খেদি ১০-১২ জনীয়া ডকাইতৰ দলটোৰ পৰা চাৰিগৰাকী ডকাইতক আটক কৰি উত্তম-মধ্যম শোধোৱাৰ ফলত দুজন ডকাইতৰ মৃত্যু হয়। ডকাইতৰ দলটোৰ আক্ৰমণত মুজ্জামিল হক চৌধুৰীৰ মুখত গুৰুতৰভাৱে জখম হয়। ঘটনাস্থলীত কলিয়াবৰ সমজিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।