ডিজিটেল ডেস্ক, ৬ মাৰ্চ : ব্ৰক্ষ্মপুত্ৰ নদীত নাও দুৰ্ঘটনা হৈ সন্ধানহীন হৈ আছে তিনিজনকৈ লোক। মৰিগাঁও জিলাৰ ভেলৌগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰচাপৰিৰ ভজাখাইতী ঘাটত সংঘটিত হয় এই নাও দুৰ্ঘটনা। আজি দিনৰ ১১ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনা। সন্ধানহীন লোক তিনিজন হ’ল মোচাব্বিৰ হুছেইন, আইনুল হক আৰু ৱাহেদ আলী।
এই লোকসকলে এখন হাতে চলোৱা নাৱেৰে নদীৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ গৈ আছিল। নদীৰ মাজত নাও ডুব যোৱাত নিৰুদ্দেশ হয় লোক তিনিজন। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি উত্তেজনা বিৰাজ কৰিছে। ঘটনাটোত ১৭জন লোকৰ কথমপি প্ৰাণৰক্ষা পৰে।