নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিৰা আৰক্ষীৰ অভিযানত চোৰাং গো-ধনসহ আটক দুই সৰবৰাহকাৰী

চোৰাং গৰুৰ বিৰুদ্ধে নগৰবেৰাৰ মন্দিৰা আৰক্ষীৰ সফল অভিযান ৷ নিশাৰ অভিযানত ৬টাকৈ চোৰাং গৰুসহ আটক কৰা হয় দুই সৰবৰাহকাৰীক | নগৰবেৰাৰ হেকৰা হাবিলাপথাৰৰ পৰা পুৱতি নিশা আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰুকেইটা৷

নিশা মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰেৱাট শইকীয়াৰ নেতৃত্বত চলা এক অভিযানত জব্দ কৰা হয় গৰুকেইটা | লগতে দুই সৰবৰাহকাৰী মন্দিৰা এন চি গাঁৱৰ ক্ৰমে গাজিবৰ ৰহমান আৰু জহিৰুল হকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও দলটিৰ আন এগৰাকীয়ে পলায়ন কৰে |

উল্লেখ্য যে গৰুকেইটা নিশা গোপনে চুবুৰীয়া ৰাজ্য মেঘালয়লৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰা বুলি জানিব পৰা গৈছে ৷

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৯ ফেব্ৰুৱাৰী :

You might also like