ডিজিটেল ডেস্ক, ২২ নৱেম্বৰ : হাজোৰ শনিয়াদীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি যায় সমগ্ৰ অঞ্চলটোক। তীব্ৰবেগী বলেৰ’ বাহনে মহটিয়াই নিয়ে তিনিগৰাকীকৈ পথচাৰী ছাত্ৰীক। ঘটনাত দুগৰাকী ছাত্ৰী নিহত হোৱাৰ লগতে এগৰাকী ছাত্ৰীক সংকটজনক অৱস্থাত জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে আজি পুৱা টিউচনলৈ গৈ থকাৰ সময়তে পিছফালৰ পৰা এখন বলেৰ’ বাহনে মহটিয়াই নিয়ে ছাত্ৰীকেইগৰাকীক। ঘটনাত থিতাতে নিহত হয় এগৰাকী ছাত্ৰী। আন দুগৰাকী ছাত্ৰীক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰে যদিও আদবাটতে আন এগৰাকী ছাত্ৰী মৃত্যুমুখত পৰে। ফলত ভয়াৱহ দুৰ্ঘটনাটোত দুগৰাকী ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে এগৰাকী ছাত্ৰী সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাত থিতাতে নিহত হোৱা আদনিন নেহাৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰী আছিল। চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হোৱা আনগৰাকী ছাত্ৰী হ’ল নাজমিন আখতাৰা। তদুপৰি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা ছাত্ৰীগৰাকী হ’ল ছাহিন আখতাৰা।
ইফালে, উত্তেজিত ৰাইজে জ্বলাই দিয়ে দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’ বাহনখন। ঘটনাস্থলীত উত্তেজনা অব্যাহত থকাৰ মাজতে হাজো আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।