টেষ্ট ক্ৰিকেটত অবিশ্বাস্য : এছেজ শৃংখলাৰ প্ৰথম টেষ্ট দুদিনতে শেষ, অষ্ট্ৰেলিয়াৰ জয়
এছেজৰ মহাসমৰৰ প্ৰথম মেচতে যে অষ্ট্ৰেলিয়াই সকীয়াই দিলে- অনাগত চাৰি টেষ্টত ভয়ংকৰ বাধা পাব ইংৰাজ বাহিনীয়ে।
যেন এক অবিশ্বাস্য ইতিহাস। পাঁচদিনীয়া টেষ্ট মেচ এখন দুদিন হল শেষ। সেয়া কোনাে সৰু দলৰ কাহিনী নহয়। তেওঁলোক চিৰপ্ৰতিদ্বন্দ্বী। দল দুটা ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া। এছেজৰ মহাসমৰৰ প্ৰথম মেচতে যে অষ্ট্ৰেলিয়াই সকীয়াই দিলে- অনাগত চাৰি টেষ্টত ভয়ংকৰ বাধা পাব ইংৰাজ বাহিনীয়ে।
এছেজ ২০২৫-২৬ ছিৰিজৰ প্ৰথম টেষ্টত অষ্ট্ৰেলিয়াই ইংলেণ্ডক ৮ উইকেটৰ ব্যৱধানত পৰাস্ত কৰিছে। ট্রেভিছ হেডে অকলেই সম্পূৰ্ণ খেলখন ওলোটাই দিয়াৰ দৰে ১২৩ ৰানৰ ঐতিহাসিক ইনিংছ খেলিলে। পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখন মাত্ৰ ২ দিনৰ ভিতৰত সমাপ্ত হয়। ট্রেভিছ হেডে কেৱল ৬৯টা বলত শতক অৰ্জন কৰে, যি টেষ্ট ক্রিকেটত অষ্ট্ৰেলিয়াৰ পক্ষৰ চতুৰ্থ সৰ্বাধিক দ্ৰুত শতক।
অষ্ট্ৰেলিয়াক চতুৰ্থ ইনিংছত ২০৫ ৰানৰ লক্ষ্য দিয়া হৈছিল। উত্তৰত ট্রেভিছ হেডে ৮৩ বলত ১২৩ ৰনৰ ধুমুহাময় ইনিংছ খেলিলে। এই সময়ত তেওঁ ১৬টা বাউণ্ডেৰী আৰু ৪টা ছিক্সাৰ মাৰে। উল্লেখযোগ্য যে চতুৰ্থ ইনিংছত লক্ষ্য অনুসৰণ কৰি হেডে টেষ্টৰ ইতিহাসৰ আটাইতকৈ দ্ৰুত শতকটো অৰ্জন কৰিছে। জেক ৱেথাৰেল্ডে ২৩ ৰান আৰু ফৰ্ম বিচাৰি থকা মাৰ্নাছ লাবুছানেই ৫১ ৰনাৰ অর্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হয়।
ইংলেণ্ডে প্ৰথম ইনিংছত ১৭২ ৰান কৰিছিল, কিন্তু ইংলেণ্ডৰ বলাৰে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছ মাত্ৰ ১৩২ ৰানত স্তব্ধ কৰায় আৰু ৪০ ৰানৰ মূল্যৱান লীড লাভ কৰে। প্ৰথম ইনিংছৰ ৪০ ৰানৰ লীডৰ ওপৰত ভিত্তি কৰি ইংলেণ্ডে অষ্ট্ৰেলিয়াক চতুৰ্থ ইনিংছত ২০৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰথম তিনিটা ইনিংছৰ অৱস্থা চালে লক্ষ্য যথেষ্ট ডাঙৰ যেন লাগিছিল।
বেটিঙৰ বাবে কঠিন বুলি ভবা পিটচত চতুৰ্থ ইনিংছত অষ্ট্ৰেলিয়াই আক্রমণাত্মক ক্ৰিকেট খেলাৰ কৌশল লৈ নামিছিল। এই কৌশল সফল হয়, বিশেষকৈ ট্রেভিছ হেডে ইংলেণ্ডৰ বলাৰক ধৰাশায়ী কৰি তোলে। এই জয়েৰে অষ্ট্ৰেলিয়াই এছেজ ছিৰিজত ১-০ৰ অগ্ৰগতি ললে।
ইফালে ধুমুহা সৃষ্টি কৰি মিচেল ষ্টাৰ্কে খেলখনত ১০টা উইকেট দখল কৰে। প্ৰথম ইনিংছত তেওঁ ইংলেণ্ডৰ ৭টা উইকেট আৰু দ্বিতীয় ইনিংছত ৩টা উইকেট লয়। সেই সূত্ৰেই খেলখনত ষ্টাৰ্কে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে। প্ৰথম ইনিংছত ইংলেণ্ডৰ অধিনায়ক বেন ষ্টোকছে ৫টা উইকেট লৈছিল।
ডিজিটেল ডেস্ক, ২২ নৱেম্বৰ