নিয়মীয়া বাৰ্তা, ১১ জুলাই : মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীয়ে কালি নিশা ৯খন চিলিং ফেনসহ দুটা গভাইত চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক বিষয়া ভাস্কৰ বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গোপন অনুসন্ধানত লাহৰীঘাটৰ বৰবড়ী গাঁৱৰ ১ নং ৱার্ডৰ পৰা এমৰাজুল ইছলাম ওৰফে জয়ন্ত (৩৫ ) আৰু আচৰ আলী নামৰ চোৰ দুটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত চোৰ দুটাৰ স্বীকাৰোক্তিত চুৰি কৰি বেলেগত বিক্রী কৰা ৯খন চিলিং ফেনো উদ্ধাৰ কৰে। উল্লেখ্য যে ৮ জুলাইৰ নিশা তিনিচুকীয়া জাতীয় বিদ্যালয়ত ৯খনকৈ চিলিং ফেন চুৰি হৈছিল ।
Prev Post