নিয়মীয়া বাৰ্তা, মাৰ্ঘেৰিটা, ৩০ মাৰ্চ : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে উজনি অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি ৮৩নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিতো বৰ্তমান নিৰ্বাচনী পাৰা ক্ৰমান্বয়ে ঊৰ্ধ্বমুখী হৈছে। বসন্তৰ আগমনৰ প্ৰাকমুহূৰ্তত সমষ্টিটোত এতিয়া ৰাজনৈতিক গৰম বতাহ বিৰাজ কৰিছে। এইবাৰ মাৰ্ঘেৰিটাত মূলতঃ এক ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা প্ৰত্যক্ষ কৰা গৈছে। মৰ্যাদাপূৰ্ণ এই আসনখন দখলৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে শাসকীয় বিজেপিৰ অভিজ্ঞ নেতা ভাস্কৰ শৰ্মা, ৰাইজৰ দলৰ যুৱ প্ৰাৰ্থী ৰাহুল ছেত্ৰী আৰু জয় ভাৰত পাৰ্টী তথা ঝাৰখণ্ড মুক্তি মৰ্চা (JMM)-ৰ যুটীয়া প্ৰাৰ্থী জাৰ্ণেল মিঞ্জ। সংখ্যাত মাৰ্ঘেৰিটাৰ ভোটাৰৰ শক্তি প্ৰতিগৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ সাজু হৈছে মাৰ্ঘেৰিটাৰ ১,৭৬,৩০১গৰাকী সচেতন ভোটাৰ। এইবাৰৰ নিৰ্বাচনত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যাই বিশেষ চৰ্চা লাভ কৰিছে।
মুঠ ভোটাৰ : ১,৭৬,৩০১জন
পুৰুষ ভোটাৰ : ৮৬,৫৩৪ জন
মহিলা ভোটাৰ : ৮৯,৭৬৭ গৰাকী
পৰিসংখ্যাই কয় যে মহিলা ভোটাৰৰ আদৰণি যিগৰাকী প্ৰাৰ্থীৰ প্ৰতি অধিক হ’ব, তেওঁৰে বিজয়ৰ পথ প্ৰশস্ত হোৱাৰ সম্ভাৱনা বেছি। হাইভল্টেজ প্ৰচাৰ আৰু ৰাজনৈতিক সমীকৰণ বিজেপিৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাই ইতিমধ্যে সমষ্টিটোৰ চুকে-কোণে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই নিজৰ স্থিতি সবল কৰি তুলিছে। বিশেষকৈ দেওবাৰে লিডুত বিজেপিৰ কেন্দ্ৰীয় নেতা নীতিন নবীনৰ উপস্থিতিত অনুষ্ঠিত বিশাল জনসভাই গেৰুৱা দলটোৰ কৰ্মীসকলৰ মনোবল দুগুণে বৃদ্ধি কৰিছে।
ইফালে, বিৰোধীৰ দুই যুৱ প্ৰত্যাহ্বানক নস্যাৎ কৰি ভাস্কৰ শৰ্মাই দাবী কৰিছে যে তেওঁৰ বাবে কোনো প্ৰতিদ্বন্দ্বীয়েই ‘ফেক্টৰ’ নহয়। আনহাতে, আঞ্চলিকতাবাদৰ সুৰত নিৰ্বাচনী যুঁজত নামি পৰা ৰাইজৰ দলৰ ৰাহুল ছেত্ৰী আৰু জে এম এম সমৰ্থিত জাৰ্ণেল মিঞ্জৰ প্ৰচাৰ অভিযান এতিয়ালৈকে বিজেপিৰ তুলনাত কিছু স্থবিৰ হৈ থকা পৰিলক্ষিত হৈছে। যদিও দুই যুৱ শক্তিয়ে সমষ্টিটোৰ পৰিৱৰ্তনৰ কথা কৈছে, তথাপি বৰ্তমানলৈকে তেওঁলোকৰ প্ৰচাৰত কোনো বিশেষ চমক দেখিবলৈ পোৱা নাই বুলি ৰাইজৰ মাজত চৰ্চা চলিছে। আজি জাৰ্ণেল মিঞ্জৰ একাংশ সমৰ্থকে মাৰ্ঘেৰিটাৰ ৰাজপথত এক বাইক ৰেলী উলিয়ায় যদিওঁ বিজেপীৰ তুলনাত তেনেই নগণ্য।
চাহ জনগোষ্ঠীয় ভোটাৰৰ ভূমিকা : মাৰ্ঘেৰিটা সমষ্টিৰ নিৰ্বাচনত চাহ জনগোষ্ঠীয় ভোটাৰসকলে সদায় এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। বিশেষকৈ ডিগবৈ আৰু মাৰ্ঘেৰিটাৰ চাহ বাগানসমূহৰ ভোটবেংক যিফালে ঢাল খাব, সেইগৰাকী প্ৰাৰ্থীৰেই পাল্লা গধুৰ হ’ব। জাৰ্ণেল মিঞ্জৰ দৰে প্ৰাৰ্থীয়ে চাহ জনগোষ্ঠীয় ভোট বিভাজন কৰিব পাৰে নেকি, সেয়াও এতিয়া এক ডাঙৰ প্ৰশ্ন। অহা ৯ এপ্ৰিলত মাৰ্ঘেৰিটাৰ জনসাধাৰণে ইভিএমত নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোটদান কৰিব। অভিজ্ঞতাক গুৰুত্ব দিব নে পৰিৱৰ্তনক আদৰিব, সেয়া ৪ মে’ৰ ভোটগণনাৰ দিনাহে স্পষ্ট হ’ব। বৰ্তমানৰ বাবে সকলোৰে চকু মাৰ্ঘেৰিটাৰ এই ৰাজনৈতিক দবা খেলখনৰ ওপৰত।