Youth in Democracy and Government for Viksit Bharatৰ সহযোগত ১৫ বছৰ অনূৰ্ধ্বৰ এটা শাখা ২৯ বছৰ অনূৰ্ধ্বৰ আন এটা শাখাত অসম চৰকাৰৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা বিকশিত ভাৰত কুইজ, বিকশিত ভাৰত ৰচনা, বিকশিত ভাৰত পি পি টি প্ৰতিযোগিতাত মুঠ চূড়ান্ত ৰাউণ্ডত ৭৭গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা ৩৭গৰাকী প্ৰতিযোগীয়ে ৰাষ্ট্ৰীয় যুৱ মহোৎসৱলৈ নিৰ্বাচিত হয়।
যোৱা ১৯ ডিচেম্বৰৰ ফলাফল ঘোষণা কৰা অনুসৰি ৰঙিয়া সমজিলাৰ অন্তৰ্গত সোণেশ্বৰত অৱস্থিত পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ উদীপ্ত কুমাৰ কাশ্যপ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱলৈ নিৰ্বাচিত হৈছে। উক্ত মহোৎসৱ অহা ১০ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ আৰু ১২ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ নতুন দিল্লীৰ ভাৰত মন্দপন (প্ৰগতি মৈদান)ত অনুষ্ঠিত হ’ব। উক্ত প্ৰতিযোগিতাত কনিষ্ঠতম প্ৰতিযোগী হিচাপে উদীপ্ত কুমাৰ কাশ্যপ নিৰ্বাচিত হোৱাত বিদ্যালয়ৰ লগতে সংশ্লিষ্ট অঞ্চলৰ বহু শিক্ষানুৰাগী ৰাইজে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে।
নিয়মীয়া বাৰ্তা, কমলপুৰ, ২২ ডিচেম্বৰ :