বিশ্বনাথ চাৰিআলিত আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় সুগন্ধি কণ্ঠ নামৰ কাব্যগ্ৰন্থ। বিশ্বনাথ ডায়েট প্ৰেক্ষাগৃহত এক বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত সভাত সুগন্ধি কণ্ঠখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে গুৱাহাটীৰ বিশিষ্ট কবি-সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড0 নীলিমা গোস্বামী শৰ্মাই।
কবিচক্ৰ বিশ্বনাথ চাৰিআলিৰ প্ৰাক্তন সভাপতি তথা কবি-সাহিত্যিক থুলেশ্বৰ গোস্বামীৰ নামত উৎসৰ্গিত তথা চন্দ্ৰ লুইটেলৰ দ্বাৰা সম্পাদিত আৰু কবিচক্ৰই প্ৰকাশ কৰা সুগন্ধি কণ্ঠৰ এই বিংশ সংখ্যাটি উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত তেওঁ কয়- কবিতা চৰ্চা কৰাসকলে অন্য কবিৰ কবিতা অধ্যয়ন কৰাটো খুবেই প্ৰয়োজন। কবিতা অধ্যয়নে মানুহৰ মন-প্ৰাণ পুলকিত কৰি তোলে। তেওঁ আৰু কয়- কবিতাই মানুহৰ বাট পোহৰাই লৈ যায়। কবিচক্ৰ বিশ্বনাথ চাৰিআলিৰ সভাপতি তথা শিশু-সাহিত্যিক শৈলেন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ শুভাৰম্ভ কৰা হয় নৱনীত গিৰিয়ে পৰিৱেশন কৰা গুৰুজনাৰ এটি বৰগীতৰে।
চন্দ্ৰ লুইটেলে আঁত ধৰা সভাখন উদ্বোধন কৰে বিশ্বনাথ ডায়েটৰ অধ্যক্ষ চন্দন কুমাৰ ভূঞাই আৰু কবি-সাহিত্যিক থুলেশ্বৰ গোস্বামীৰ স্মৃতিত ৰচিত “তোমাৰ কথা” শীৰ্ষক কবিতা আবৃত্তি কৰে বিশিষ্ট কবি তথা আবৃত্তিকাৰ অজিত কুমাৰ হাজৰিকাই। এই সভাতে কবিচক্ৰ, বিশ্বনাথ চাৰিআলিৰ পৰম হিতৈষী, শিশু-সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত আদৰ্শ শিক্ষয়িত্ৰী মীনাক্ষি দেৱীয়ে কবিচক্ৰৰ প্ৰতি দেখুওৱা মহানুভৱতাৰ কথা অকপটে স্বীকাৰ কৰি তেওঁলৈ জনোৱা হয় বিশেষ সম্বৰ্ধনা। সম্বৰ্ধনা গ্ৰহণ কৰি কবিচক্ৰক উদ্দেশ্যি তেওঁ ধন্যবাদ সূচক বক্তব্য আগবঢ়ায়।
গণশিল্পী অতুল দাসৰ গীতেৰে শুভাৰম্ভ কৰা “অসমৰ বৰেণ্য কবিৰ নিৰ্বাচিত কবিতা” শীৰ্ষক আবৃত্তি কাৰ্যসূচীত ক্ৰমে মৌচুমী দেৱী, পূৰ্ণিমা ঘিমিৰে, তাপ্তীদুতি বৰা, লক্ষীমাই গগৈ, কাশ্মীৰ নাথ আৰু সীমান্ত জ্যোতি ওজাই অংশগ্ৰহণ কৰে। উদীয়মান চিত্ৰশিল্পী-গায়ক অভিষেক ভূঞাক কবিচক্ৰৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়। আনহাতে, অভিনন্দন গ্ৰহণ কৰি তেওঁ কলাগুৰুৰ কালজয়ী গীত এটি পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তোলে।
বিশেষ বাৰ্তা, বিশ্বনাথ, ২২ ডিচেম্বৰ :