নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰেশ বৰুৱা আহিলেই সমাধান হব আলফা সমস্যা : মুখ্যমন্ত্ৰী

বাৰ্তা ডিজিটেল ডেস্ক, ২৫ ডিচেম্বৰঃ আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা উভতি আহিলে সকলো সমস্যা শেষ হ’ব৷ যেতিয়ালৈকে পৰেশ বৰুৱা উভতি নাহিব, তেতিয়ালৈকে সমস্যা থাকিব৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ আজি জাগীৰোডত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত বর্তমান কোনো অপ্রীতিকৰ পৰিৱেশ হোৱা নাই৷ মানুহে সুন্দৰভাৱে পুৱা দোকান খুলিছে, ৰাতি বন্ধ কৰিছে৷ ক’তো একো অসুবিধা হোৱা নাই৷ কিছুদিন পূর্বে তেওঁ তিনিচুকীয়ালৈ যাওঁতে ব্যৱসায়ীসকলে তেওঁক তিনিচুকীয়াত গোটেই ৰাতি দোকান খোলা ৰখাৰ বাবে অনুমতি বিচাৰিছিল৷ গুৱাহাটীত বহিলে পৰিৱেশটো বেলেগ বেলেগ লাগে আৰু তিনিচুকীয়াত বহিলে পৰিৱেশটো বেলেগ বেলেগ লাগে৷ আলফাত নতুন সদস্যভর্তিৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইয়াত একো নাই৷ কোনোবা যোগদান কৰিব, কোনোবা আহি থাকিব৷ পুলিচে পালে ক’ৰবাত এনকাউণ্টাৰ হ’ব, ক’ৰবাত নহ’ব৷ ইয়াৰ ওপৰত মই কোনো মন্তব্য নিদিওঁ৷ পৰেশ বৰুৱা উভতি আহিলে সকলো সমস্যা শেষ হ’ব৷ তদুপৰি আলফা–আৰক্ষীৰ মাজত হোৱা এনকাউণ্টাৰ ভুৱা নে সঁচা তাৰ বাবে ন্যায়িক আয়োগ গঠন কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেতিয়া আকৌ আলফাই ন্যায়িক আয়োগৰ ওচৰলৈ আহি সাক্ষ্য দিব লাগিব৷ ন্যায়িক আয়োগক সাক্ষ্য দিবলৈ আলফা আহিব নে নাই সেইটোহে ডাঙৰ কথা৷ পৰেশ বৰুৱাই ভুৱা এনকাউণ্টাৰ বুলি ক’লে মই ন্যায়িক আয়োগ গঠন কৰিব লাগিব৷ তেতিয়া পৰেশ বৰুৱাই ইয়াত আহি সাক্ষী দিব লাগিব৷ তেওঁ আহিব নে নাই, সমস্যাটো তাতেই৷ সেয়ে মই কৈছোঁ এইবোৰ সদায় প্রশ্নোত্তৰ কৰি লাভ নাই৷ পৰেশ বৰুৱা ইয়াত আহি গ’লে সকলো সমাধান হ’ব৷

You might also like