নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : চীনৰ পাৰমাণৱিক তৎপৰতা

ভয়ংকৰ যুদ্ধৰ প্রস্তুতি চীনৰ৷ পৰমাণু বোমা বিস্ফোৰণৰ বাবে ভাৰতৰ প্রতিবেশী দেশখনে আৰম্ভ কৰিছে তৎপৰতা৷ অত্যাধুনিক আণৱিক অস্ত্রৰ পৰীক্ষা কৰিবলৈ চীনে তৎপৰতা আৰম্ভ কৰাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে আতংক৷ শেহতীয়াকৈ উপগ্রহ ছবিত ধৰা পৰিছে চীনৰ এই তৎপৰতা৷ আমেৰিকাৰ সংবাদ মাধ্যমে দাবী কৰা অনুসৰি শীঘ্রে চীনে পৰমাণু বোমাৰ বিস্ফোৰণ ঘটাব৷ পৰমাণু অস্ত্রভাণ্ডাৰ ইতিমধ্যে শক্তিশালী কৰিছে দেশখনে৷ বিশ্বৰ অন্যতম পৰাক্রমী দেশ চীনে নতুনকৈ পৰমাণু অস্ত্রৰ পৰীক্ষা চলোৱা মানে বিশ্বৰ বিভিন্ন দেশৰ ওপৰত চাপ সৃষ্টি৷ নিউয়র্ক টাইম্ছৰ প্রতিবেদন অনুসৰি ঝিনজিয়াং প্রদেশৰ লপ নুৰত পৰমাণু অস্ত্রৰ পৰীক্ষা চলোৱাৰ প্রস্তুতি লোৱা হৈছে৷ একাধিক উপগ্রহ চিত্রত ৰঙা চীনৰ এই তৎপৰতা ধৰা পৰিছে৷ ছবিত দেখিবলৈ পোৱা গৈছে লপ নুৰলৈ বিশাল বিশাল যন্ত্রৰ আমদানি কৰা দৃশ্য৷ আনকি সেই অঞ্চলটোত কম সময়ৰ ভিতৰতে বিশাল সেনাঘাটিও স্থাপন কৰা হৈছে৷ বিশ্লেষকসকলৰ মতে আণৱিক অস্ত্রৰ পৰীক্ষাৰ বাবে সাজু হৈছে বেইজিং৷ পৰমাণু অস্ত্রৰ পৰীক্ষাৰ প্রস্তুতিৰ পূর্বৰ এয়া তৎপৰতা বুলি সামৰিক বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ নাইবা ৰাসায়নিক বিস্ফোৰকৰ জৰিয়তে পৰমাণু বিস্ফোৰণৰ বেইজিঙে চেষ্টা চলাইছে বুলি ধাৰণা কৰিছে একাংশ বিশেষজ্ঞই৷ বিশেষজ্ঞসকলে ধাৰণা কৰা অনুসৰি বেলিষ্টিক ক্ষেপণাস্ত্রৰ দৰে জাহাজৰ পৰা নিক্ষেপ কৰিব পৰা পৰমাণু অস্ত্র নির্মাণ কৰিছে চীনে৷ এইবাৰ সেই অস্ত্রবোৰৰ পৰীক্ষা চলোৱা হ’ব৷ লপ নুৰৰ পৰমাণু অস্ত্র পৰীক্ষাগাৰৰ উপগ্রহ চিত্রক লৈ কেইবা বছৰো ধৰি গৱেষণা চলাই আহিছে ৰেনি বাবিয়ার্জে৷ ১৯৬৪ চনৰ ১৬ অক্টোবৰত প্রথমবাৰৰ বাবে লপ নুৰত পৰমাণু অস্ত্রৰ পৰীক্ষা চলাইছিল চীনে৷ যোৱা নৱেম্বৰ মাহত আমেৰিকাৰ ছানফ্রান্সিছকোত জ’ বাইডেনৰ সৈতে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ এক গুৰুত্বপূর্ণ বৈঠক হৈছিল৷ এই বৈঠকত পৰমাণু অস্ত্র সন্দর্ভত দুয়োগৰাকী নেতাৰ বার্তালাপো হৈছিল৷ আনকি চীনক এইক্ষেত্রত সতর্কীকৰণো কৰিছিল বাইডেনে৷ কিন্তু ৱাল ষ্ট্রীট জার্নালৰ প্রতিবেদন অনুসৰি চীনে নিজৰ স্থিতি সলনি কৰা নাই৷

ইউক্রেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ সময়তে আহি পৰিছে পৰমাণু অস্ত্র প্রয়োগৰ ভাবুকি৷ ৰাছিয়াই পাশ্চাত্যৰ দেশসমূহক বাৰে বাৰে এই ভাবুকি প্রদান কৰি আহিছে৷ আনকি অতি শক্তিশালী পৰমাণু অস্ত্রৰে ৰুছ ভূখণ্ডৰ পৰা আমেৰিকাত আক্রমণৰ হুংকাৰ দিছে পুটিনে৷ এই ভাবুকিয়ে বিশ্বজুৰি অশান্তিৰ সৃষ্টি কৰা সময়তে চীনে নতুনকৈ অত্যাধুনিক পৰমাণু অস্ত্রৰ পৰীক্ষা চলাবলৈ সাজু হোৱা বিষয়টোক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ স্মর্তব্য যে দীর্ঘদিন ধৰি পৰমাণু নিৰস্ত্রীকৰণক লৈ বিভিন্ন দেশৰ মাজত আলোচনা চলি আছে৷ সর্বাত্মক পৰমাণু অস্ত্রনিষিদ্ধ চুক্তি (চিটিবিটি)ৰ কথা পুৰণি হ’ল৷ এই চুক্তিৰ জৰিয়তে বিশ্বক পৰমাণু অস্ত্রমুক্ত কৰাৰ সংকল্প লোৱা হৈছিল যদিও বিভিন্ন সময়ত যুদ্ধবাজ দেশসমূহে এই চুক্তি উলংঘা কৰি আহিছে৷ শেহতীয়াকৈ আমেৰিকা আৰু ৰাছিয়াৰ মাজত থকা গুৰুত্বপূর্ণ চুক্তি ভংগ হৈছে৷ কাৰণ ৰাছিয়াই চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰিছে৷ ইউক্রেইন যুদ্ধক কেন্দ্র কৰি ৰাছিয়া আৰু আমেৰিকাৰ মাজত মতানৈক্য তীব্রতৰ হোৱাৰ লগে লগে পৰমাণু অস্ত্র প্রয়োগৰ হুংকাৰ সঘনে শুনিবলৈ পোৱা গৈছে৷ ইফালে কট্টৰ কমিউনিষ্ট ৰাষ্ট্র উত্তৰ কোৰিয়াই সঘনে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা উলংঘা কৰি দীর্ঘ দূৰত্ব ভেদি পৰমাণু বিস্ফোৰকবাহী আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্রৰ পৰীক্ষা চলাই আহিছে৷ আনকি উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনে যিকোনো শত্রু ৰাষ্ট্রৰ বিৰুদ্ধে পৰমাণু অস্ত্র প্রয়োগ কৰা হ’ব বুলি হুংকাৰ দিছে৷ আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ মিত্রতাক লৈ উদ্বিগ্ণ উত্তৰ কোৰিয়াই পৰমাণু অস্ত্র প্রয়োগৰ ভাবুকি প্রদান কৰি অহাৰ সময়তে চীনে পাৰমাণৱিক অস্ত্রৰ বাবে তৎপৰতা আৰম্ভ কৰা বিষয়টোৱে বিশ্বজুৰি সৃষ্টি কৰিছে চাঞ্চল্য৷

You might also like