নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্বলিছে নাগালেণ্ডঃ আলফা(স্বা)ৰ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ : শনিবাৰে মাজনিশা চুবুৰীয়া ৰাজ্য নাগালেণ্ডত উত্তেজনাময় পৰিৱেশৰ মাজতে নিহত হয় ১৪ জনকৈ নগা যুৱকৰ ৷ চুবুৰীয়া ৰাজ্যখনৰ মন জিলাৰ তিৰু আৰু অ’টিং বস্তিৰ সীমাত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ।

ইপিনে এই ঘটনাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা(স্বা)য়ে। সংগঠনৰ প্ৰচাৰ বিভাগৰ হৈ ৰুমেল অসমে বিবৃত্তিযোগে কয় যে নাগালেণ্ডৰ মন জিলাৰ নামনি তিৰু অঞ্চলত সেনা বাহিনীয়ে পশ্চিমা দক্ষিণ পূর্ব এছিয়াৰ স্বাধীনতাকামী ১৪ গৰাকী নিৰীহ থলগিৰি জনগণক পৰিকল্পিতভাৱে নির্মমতাৰে হত্যা কৰা জঘন্য ঘটনাক সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনে তীব্রভাষাৰে ধিক্কাৰ জনাইছোঁ । দখলদাৰী বাহিনীৰ পাশবিকতাত মৃত্যুক আঁকোৱালি লবলগা হােৱা সকলৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেখেত সকলৰ শােকসন্তপ্ত পৰিয়ালবৰ্গলৈ আলফা(স্বা)ৰ ফালৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰে।

মন কৰিবলগীয়া যে বহিৰ্জগতৰ পৰা সংযোগ বিচ্ছিন্ন ৰাখিবলৈ মন জিলাত ইণ্টাৰনেট সেৱা বন্ধ ৰাখিছে প্ৰশাসনে ৷

 

You might also like