নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা(স্বাঃ)য়ে মুকলি কৰিলে কুইপৰ ২ বিষয়াক

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ অৱশেষত আজি কুইপ’ৰ দুই বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক মুকলি।

আলফা(স্বাঃ)য়ে মুকলি কৰিলে কুইপ’ৰ ২ বিষয়াক। অসম-ম্যানমাৰ সীমান্তৰ দুৰ্গম অঞ্চলত মুক্তি দিলে প্ৰণৱ গগৈক। সম্পূৰ্ণ ৩ মাহ ১৪ দিন পাছত মুকলি কৰি দিলে দুই অপহূত অভিযন্তাক।

উল্লেখ্য যে বিগত ২১ ডিচেম্বৰতেই আলফা স্বাধীন আৰু এন এছ চি এন-কেই অৰুণাচল প্ৰদেশৰ পৰা অপহৰণ কৰি নিছিল কুইপ’ৰ দুই বিষয়া ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈক।

আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাই কোম্পানীটোক থলুৱাৰ নিযুক্তিৰ বাবে দিয়া চৰ্ত বান্ধি দিছিল। অসমৰ নিয়োজিত প্ৰতিটো ব্যক্তিগত তৈল প্ৰতিষ্ঠানে ৫ হাজাৰ যোগ্য নিবনুৱাক নিযুক্তি প্ৰদান কৰিব লাগিব। কুইপ’ৱে এই চৰ্ত মানি লৈছিল।

You might also like