নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ দিনতে ডিটেনচন কেম্প–‘ডি’ ভোটাৰ সৃষ্টি হৈছিল

সোণতলীত ইউডিএফৰ সভাত বিধায়ক ইছলাম

নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তর্গত সোণতলীৰ পানীখাইতীত চেঙা সমষ্টিৰ প্রার্থী এ আই ইউ ডি এফ প্রার্থী আশ্রাফুল হুছেইনৰ হৈ শুকুৰবাৰে নির্বাচনী প্রচাৰ চলায় ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে৷ মহাজোঁটৰ প্রার্থী তথা কংগ্রেছৰ সৈতে বন্ধুত্বপূর্ণভাৱে নির্বাচনত অৱতীর্ণ হোৱা এ আই ইউ ডি এফৰ মনোনীত প্রার্থী আশ্রাফুল হুছেইনৰ হৈ পানীখাইতীত নির্বাচনী প্রচাৰ সভাত বিধায়ক ইছলামে কংগ্রেছৰ সৈতে এ আই ইউ ডি এফৰ মহাজোঁট হৈছে যদিও চেঙা সমষ্টিত হাতৰ ছবিৰ পৰিৱর্তে তলা–চাবিৰ ছবিত ভোট দিবলৈ ৰাইজক আহ্বান জনায়৷

বিজেপি চৰকাৰক উৎখাত কৰাৰ বাবে কংগ্রেছৰ সৈতে চামিল হোৱা বুলি উল্লেখ কৰি ইছলামে কয়– বিগত ৭০টা বছৰে কংগ্রেছে সংখ্যালঘুক ভাল চকুৰে চোৱা নাছিল৷ কংগ্রেছৰ দিনতে ৰাজ্যত ডিটেনচন কেম্প, ডি ভোটাৰৰ সৃষ্টি হৈছিল৷ এ আই ইউ ডি এফ কর্মী জয়নাল আবদিনে পৰিচালনা কৰা সভাত ইছলামে পুনৰ কয়–বিজেপি চৰকাৰখনে হিন্দু, মুছলমানৰ লগত সংঘাত লগোৱাৰ পৰিপ্রেক্ষিতত দলটোৱে কংগ্রেছৰ সৈতে মিত্রতা কৰিছে৷ ৰাজ্যত মহাজোঁটৰ চৰকাৰ হ’লে ‘ডি’ ভোটাৰৰ সমস্যা সমাধান, মাটিৰ পট্টা, খহনীয়া প্রতিৰোধ কৰা আদি সমস্যা সমাধান কৰাৰ দাবী দলটোৱে উত্থাপন কৰিব বুলি বিধায়ক ইছলামে সভাত উল্লেখ কৰে৷ উল্লেখ্য যে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে চলোৱা নির্বাচনী প্রচাৰ সভাত অৱশ্যে চেঙা সমষ্টিৰ এ আই ইউ ডি এফৰ প্রার্থী আশ্রাফুল হুছেইন উপস্থিত নাছিল৷

You might also like