নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চফ্ৰাইত ৰে’লৰ খুন্দাত অচিনাক্ত যুৱকৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ৪ মার্চ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তিনিচুকীয়া সংমণ্ডলৰ চফ্ৰাই ৰে’লৱে ষ্টেচনৰ সমীপত আজি পুৱতি নিশা ৰে’লৰ চেপাত এজন যুৱকৰ মৃত্যু হয়। প্রায় ২০ বছৰ বয়সৰ যুৱকজনক বাতৰি লিখা সময়লৈকে চিনাক্ত কৰিব পৰা নাই। প্রাপ্ত তথ্য অনুসৰি, ১৫৯০৪ নম্বৰৰ চণ্ডীগড় আৰু ডিব্ৰুগড়ৰ মাজত চলাচল কৰা উজনিমুৱা দ্রুতবেগী ৰে’লখনে আজি পুৱতি নিশা প্রায় ৩ বজাত চফ্রাই ষ্টেচনৰ কিছু নিলগত যুৱকজনক মহটিয়াই নিয়াৰ ফলত থিতাতে মৃত্যু হয়। ৰে’লপথ নিৰীক্ষণ কৰা কৰ্মচাৰীয়ে ৰে’লপথত মৃতদেহ প্রত্যক্ষ কৰি ৰে’ল আৰক্ষীক খবৰ দিয়াত পুৱাৰ ভাগত ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
প্ৰেৰক দীপাংকৰ পাল
You might also like