নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাজিৰাৰ লিগিৰী পুখুৰীত নৃশংস হত্যাকাণ্ড

🔹 হনুমান বাগ চাহ বাগিচাৰ নলাত মৃতদেহ উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ : নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত লিগিৰী পুখুৰীত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় । নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ৰ নিৰ্মীয়মাণ গৃহৰ পকী কামৰ যোগালি হিচাপে কাম কৰা উত্তৰ প্ৰদেশৰ সুমিত নামৰ যুৱকজনক যোৱানিশা কোনো দুবৃৰ্ত্তই দাৰে বুকু, মূৰ আৰু ডিঙিত উপৰ্যুপৰি ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰি সমীপতে থকা হনুমান বাগ চাহ বাগিচাৰ ৩নং বি লাইনৰ নলাত পেলাই থয় । প্ৰায় ৮ মাহ ধৰি লিগিৰী পুখুৰী অসামৰিক চিকিৎসালয়ৰ নিৰ্মীয়মাণ কোঠাত বাস কৰা ২৭ বছৰীয়া যুৱকজনৰ  আজি পুৱা এগৰাকী মহিলাই বাগিচাৰ কাম কৰিবলৈ অহাৰ মুহূৰ্তত ডিঙি ছিগি নলাত পৰি থকা মৃতদেহটো দেখা পাই  চিঞৰি চিঞৰি অচেতন হৈ পৰে । মহিলাগৰাকীক লগে লগে বাগিচাৰ মহৰি  আৰু শ্ৰমিকে চিকিৎসালয়লৈ নিয়াৰ লগতে নাজিৰা আদৰ্শ থানাৰ আৰক্ষীক খবৰ দিয়াত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভবেন দাসসহ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে । ঘটনাস্থলীত নাজিৰা মহকুমা সহায়ক আয়ুক্ত এগৰাকীৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি জয়সাগৰস্থ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
 প্ৰেৰক নেকিব আহমেদ
You might also like