নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকাশৰ বুকুত নীলা গ্রহৰ নান্দনিকতা, আর্টেমিছ ২-এ পঠিয়ালে পৃথিৱীৰ অসাধাৰণ বিনন্দীয়া ছবি

ডিজিটেল ডেস্ক, ৭ এপ্রিল : মহাকাশৰ বুকুৰ পৰা পৃথিৱীৰ এলানি অসাধাৰণ ছবি উপহাৰ দিলে আর্টেমিছ–২য়ে৷ অৰিয়ন কেপছুলৰ পৰা আকর্ষণীয় ছবিবোৰ দেখি মুগ্ধ মহাকাশপ্রেমীসকল৷ ৫০ বছৰৰ মূৰত মানুহৰ এই চন্দ্র অভিযানৰ আৰম্ভণিতেই পৃথিৱীৰ ছবিসমূহক নিঃসন্দেহে এক বৃহৎ প্রাপ্তি হিচাপে গণ্য কৰা হৈছে৷ এই ছবিসমূহৰ মাজৰ এখন অন্যতম ছবি হ’ল ক’লা মহাকাশৰ প্রেক্ষাপটত নীলা ৰঙেৰে উজলি থকা আমাৰ পৃথিৱীখন৷

মহাকাশযানৰ খিৰিকীৰে তোলা আন এখন চমৎকাৰ ছবিত প্রশান্ত মহাসাগৰ আৰু মেঘমালাৰ ঘূর্ণায়মান নীলা আৰু শুকুলা বিন্যাসৰ এক উচ্চ ৰিজ’লুচনত দেখিবলৈ পোৱা গৈছে পৃথিৱীখনক৷ হয়তো এই ছবি দেখি মহাকাশচাৰীসকলৰ মনত পৰিছিল মাত্র দিনদিয়েক পূর্বে এৰি থৈ যোৱা নিজৰ আপোন গ্রহটোলৈ৷ এইবোৰ যে কেৱল ইতিহাসৰ অংশ হৈয়েই থাকিব সেয়া নহয়, বৰঞ্চ সমগ্র পৃথিৱীবাসীকেই মহাকাশচাৰীসকলৰ অভিযানৰ লাইভ আপডেটো দিব৷

সুদীর্ঘ ৫০ বছৰৰ পিছত জোনবাইৰ বুকুলৈ মানুহ পঠিওৱাৰ প্রস্তুতি চলাইছে নাছাই৷ তাকে লৈ সাধাৰণ নাগৰিকৰো উৎসাহৰ সীমা নাই৷ তাৰ মাজতে এনে নান্দনিকতা নিশ্চয়কৈ চিত্তাকর্ষক৷

You might also like