নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন’ভ’ কম্পিউটিঙৰ কর্মচাৰীৰ পৰা অধ্যক্ষৰ OSD… বিধানসভাত নিযুক্তি কেলেংকাৰিৰ অকথিত কাহিনী

প্রাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ দিনত অসম বিধানসভা সচিবালয়ত নিযুক্তিৰ নামত চলিছিল ব্যাপক স্বজন–তোষণ আৰু কেলেংকাৰিৰ মেলা৷ বিধানসভা সচিবালয়ত স্থায়ী–স্থায়ী আৰু ঠিকাভিত্তিক কর্মচাৰীৰ নিযুক্তিৰ নামত কেলেংকাৰিৰ তথ্য পোহৰলৈ আনি বর্তমানৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে ইয়াৰে বহু কর্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰিলেও এতিয়াও অনিয়মেৰে চাকৰি কৰি থকা শীর্ষ বিষয়াৰ নিযুক্তি প্রক্রিয়া কেনে আছিল, সেয়ে পোহৰলৈ অহা নাই৷

অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে চাকৰিৰ কার্যকাল আঢ়ৈ বছৰ বৃদ্ধি কৰি লোৱা তদানীন্তন সচিব দুলাল পেগুক সচিবালয়ৰ পৰা অপসাৰণ কৰিলেও অধ্যক্ষৰ বিশেষ কর্তব্যৰত বিষয়া অতীব সুন্দৰী মহিলা অন্তিমা দেওৰা চেৰাউগীৰ নিযুক্তি তথা অপসাৰণক লৈ অদ্যাপি কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷

সচিবালয়ৰ ভিতৰুৱা তথ্য অনুসৰি অধ্যক্ষৰ বিশেষ কর্তব্যৰত বিষয়া অন্তিমা দেওৰা চেৰাউগীৰ নিযুক্তি প্রক্রিয়া সম্পূর্ণৰূপে অবৈধ৷ বিধানসভা সচিবালয়ত ঠিকাদাৰী প্রতিষ্ঠান ন’ভ’ কম্পিউটিঙৰ এসময়ৰ কর্মচাৰী অন্তিমা দেওৰা চেৰাউগীয়ে বিধানসভাত অধ্যক্ষৰ বিশেষ কর্তব্যৰত বিষয়া হিচাপে কেনেকৈ নিযুক্তি লাভ কৰিলে, সেয়াও এক সাঁথৰ৷

অধ্যক্ষৰ বিশেষ কর্তব্যৰত বিষয়া হিচাপে নিযুক্তি লাভৰ কাৰণে গৃহ বিভাগৰ প্রতিবেদনৰ লগতে বহু আনুষ্ঠানিকতাৰ প্রয়োজন থাকে যদিও অন্তিমা দেওৰা চেৰাউগীৰ ক্ষেত্রত তাৰ কোনো প্রয়োজনীয়তা নাছিল বুলিও অভিযোগ উত্থাপন হৈছে৷

অন্তিমা দেওৰা চেৰাউগীয়ে অসম বিধানসভা সচিবালয়ত কেনেকৈ নিযুক্তি লাভ কৰিলে, তাক লৈ চর্চা অব্যাহত থকাৰ সমান্তৰালকৈ তদানীন্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিশেষ কর্তব্যৰত বিষয়া হিচাপে নিযুক্তি লাভ কৰা ন’ভ’ কম্পিউটিঙৰ প্রাক্তন কর্মচাৰী হিচাপে অন্তিমাই ঠিকাদাৰী প্রতিষ্ঠানটোৰ বাবে ৱর্ক অর্ডাৰ তৈয়াৰ কৰা, ঠিকাৰ নিশ্চয়তা প্রদান কৰা আৰু পৰৱর্তী সময়ত অধ্যক্ষৰ বিশেষ কর্তব্যৰত বিষয়া হিচাপে প্রভাৱ খটুৱাই বিলৰ ধন মোকলাই নিয়া বুলি অভিযোগ উত্থাপন হৈছে৷

কেৱল ইমানেই নহয়, তদানীন্তন সময়ত ন’ভ’ কম্পিউটিঙৰ এগৰাকী কর্মচাৰী হিচাপে চৰকাৰী ধন কেনেকৈ দৰমহা ৰূপত সৰকাই নিছিল, সেই লৈও প্রশ্ন উত্থাপন তথা চর্চা চলিছে৷ অভিযোগ উঠা অনুসৰি এইগৰাকী অন্তিমা দেওৰা চেৰাউগীয়ে বিধানসভা সচিবালয়ৰ পৰা ৫০ কোটিৰো অধিক ধন তেওঁৰ প্রত্যক্ষ পৃষ্ঠপোষকতাত অধ্যক্ষৰ সহায়ত ন’ভ’ কম্পিউটিঙৰ নামত সৰকাই লৈ যোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

এনে প্রেক্ষাপটত অন্তিমা দেওৰা চেৰাউগীৰ বিৰুদ্ধে বর্তমানৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে কি ব্যৱস্থা গ্রহণ কৰিব, তাক লৈ বিধানসভা সচিবালয়ৰ চৌহদত এতিয়া চলিছে সৰৱ চর্চা৷

ডিজিটেল ডেস্ক, ২ জুন

You might also like