নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনি অসমত ভয়াৱহ বান, ঘৰৰ মূধচেৰে বাগৰিছে পানী

উজনি অসমৰ শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাত ধাৰাসাৰ বৰষুণ আৰু নদ-নদীৰ জলস্তৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত বান পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ুসেনাক প্ৰয়োজন হ’লে তাৎক্ষণিকভাৱে বৃহৎ পৰিসৰত উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰিব পৰাকৈ ষ্টেণ্ডবাইত থাকিবলৈ অনুৰোধ জনাইছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ‘এক্স’ত কৰা এটা পোষ্টত কয় যে ৰাজ্য চৰকাৰে পৰিস্থিতিৰ ওপৰত অবিৰত নজৰ ৰাখিছে আৰু জনসাধাৰণৰ সুৰক্ষাই চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। তেওঁ স্পষ্ট কৰে যে বান পৰিস্থিতি অধিক অৱনতি ঘটিলে সেনা আৰু বায়ুসেনাৰ সহায়ত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অধিক তৎপৰতাৰে চলোৱা হ’ব।

মুখ্যমন্ত্ৰীয়ে জ্যেষ্ঠ মন্ত্ৰীসকলক শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত এলেকাসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’বলৈ আৰু সাহায্য কাৰ্য তদাৰক কৰিবলৈ নিৰ্দেশ দিছে। লগতে জিলা প্ৰশাসনক ক্ষতিগ্ৰস্ত লোকসকলৰ ওচৰলৈ সময়মতে সাহায্য সামগ্ৰী আৰু প্ৰয়োজনীয় সহায়-সহযোগিতা নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

অবিৰত বৰষুণৰ ফলত অঞ্চলটোৰ একাধিক নদীৰ জলস্তৰ বিপদসীমাৰ কাষ চাপিছে। নিম্নাঞ্চলৰ বহু গাঁও বানপানীত প্লাৱিত হৈছে। বানৰ পানী ঘৰ-বাৰী আৰু কৃষিভূমিত সোমাই পৰাৰ লগতে বহু পথ আৰু যোগাযোগ ব্যৱস্থা জলমগ্ন হোৱাত যাতায়াত ব্যাহত হৈছে। কিছুমান ঠাইত মথাউৰিও ক্ষতিগ্ৰস্ত হোৱাত কেইবাখনো গাঁৱৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনী (SDRF), ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনী (NDRF) আৰু জিলা প্ৰশাসনৰ দলসমূহে অবিৰতভাৱে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। বানাক্ৰান্ত লোকসকলক সুৰক্ষিত স্থান আৰু সাহায্য শিবিৰলৈ স্থানান্তৰ কৰাৰ লগতে খাদ্য, খোৱাপানী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে।

ইফালে, প্ৰশাসনে নিম্নাঞ্চল আৰু সংবেদনশীল এলেকাত বসবাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ, চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আৰু গুজৱত বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে।

বতৰ বিজ্ঞান বিভাগে অহা কেইদিনমানো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰাত অসম চৰকাৰে সংশ্লিষ্ট সকলো বিভাগ আৰু সংস্থাক সৰ্বোচ্চ সতৰ্কতাৰে কাম কৰিবলৈ নিৰ্দেশ দিছে।

ডিজিটেল ডেস্ক, ২০ জুলাই

You might also like