মেছিৰ আৰ্জেণ্টিনাক হৰুৱাই বিশ্বজয় স্পেইনৰ
নিউ জাৰ্ছিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেলত মুখামুখি হৈছিল লিঅ’নেল মেছিৰ নেতৃত্বাধীন আৰ্জেণ্টিনা আৰু স্পেইন। ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই এইবাৰ খিতাপ ৰক্ষা কৰিব নোৱাৰিলে। আনহাতে, ১৬ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্ত পেলাই স্পেইনে পুনৰ বিশ্বচেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে।
১৯ জুলাই (দেওবাৰ)-এ অনুষ্ঠিত ফাইনেলত স্পেইনে বিগত বৰ্ষৰ বিশ্বচেম্পিয়ন আৰ্জেণ্টিনাক ১-০ গ’লত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে ফিফা বিশ্বকাপ জয় কৰে। নিৰ্ধাৰিত ৯০ মিনিটলৈকে খেলখন গ’লশূন্য আছিল। ফলত খেল এক্সট্ৰা টাইমলৈ যায়। ১০৬ মিনিটত ছাবষ্টিটিউড খেলুৱৈ ফেৰান টৰেছে স্পেইনৰ হৈ নিৰ্ণায়ক গ’লটো দিয়ে। আন এজন ছাবষ্টিটিউড খেলুৱৈ নিকো উইলিয়ামছে আগবঢ়োৱা নিখুঁত পাছৰ সদ্ব্যৱহাৰ কৰি টৰেছে গ’লটো সম্পন্ন কৰে।
স্পেইনে ইয়াৰ পূৰ্বে ২০১০ চনত প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰিছিল। আনহাতে, আৰ্জেণ্টিনাই চতুৰ্থবাৰৰ বাবে বিশ্বকাপ খিতাপ জয় কৰাৰ সপোন পূৰণ কৰিব নোৱাৰিলে। ফলস্বৰূপে, ইটালী (১৯৩৪, ১৯৩৮) আৰু ব্ৰাজিল (১৯৫৮, ১৯৬২)-ৰ দৰে একেৰাহে দুবাৰ বিশ্বকাপ জয় কৰা দলৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে। ফাইনেলত অধিনায়ক লিঅ’নেল মেছিৰ যাদুও বিশেষ দেখা নগ’ল।
দুয়োটা দলৰ বাবে ফাইনেললৈ যাত্ৰা যথেষ্ট কঠিন আছিল। স্পেইনে ফ্ৰান্স আৰু পৰ্তুগালৰ দৰে শক্তিশালী প্ৰতিপক্ষক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছিল। আনহাতে, আৰ্জেণ্টিনাই একেৰাহে তিনিখন নকআউট খেল অতিৰিক্ত সময়লৈ লৈ গ’ল আৰু নাটকীয় জয়ৰে ফাইনেল নিশ্চিত কৰিছিল।
প্ৰথমাৰ্ধত খেলখন আছিল সমানে-সমানে প্ৰতিদ্বন্দ্বিতাপূৰ্ণ। যদিও কোনো দলেই গ’ল কৰিবলৈ সক্ষম নহ’ল, তথাপিও আক্ৰমণাত্মক খেলত স্পেইন আগবাঢ়ি আছিল। স্পেইনে দুবাৰ লক্ষ্যভেদী শ্বট মাৰে, কিন্তু আৰ্জেণ্টিনাই এবাৰো লক্ষ্যভেদী শ্বট মাৰিব নোৱাৰিলে।
প্ৰথমাৰ্ধত বল দখলৰ হাৰো স্পেইনৰ পক্ষত ৬৫ শতাংশ আছিল। স্পেইনৰ খেলুৱৈসকলে মেছিক কটকটীয়াভাৱে মাৰ্ক কৰি ৰখাত তেওঁ বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে। আনহাতে, লামিন য়ামালেও উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে।
আৰ্জেণ্টিনাৰ ডিফেণ্ডাৰ লিছান্দ্ৰো মাৰ্টিনেজে প্ৰথমাৰ্ধত হালধীয়া কাৰ্ড লাভ কৰে। পিছত আঘাতপ্ৰাপ্ত হোৱাত তেওঁক উঠাই নিকোলাছ অ’টামেণ্ডিক খেলপথাৰত নমোৱা হয়।
দ্বিতীয়াৰ্ধত স্পেইনে সম্পূৰ্ণ নিয়ন্ত্ৰণ নিজৰ হাতত ৰাখে। বল দখলৰ হাৰ আছিল ৬৮ শতাংশ। দলটোৱে মুঠ ৮টা লক্ষ্যভেদী শ্বট মাৰে যদিও আৰ্জেণ্টিনাৰ গ’লৰক্ষক এমিলিয়ানো মাৰ্টিনেজে সকলো প্ৰচেষ্টা সফলভাৱে প্ৰতিহত কৰে।
আনহাতে, আৰ্জেণ্টিনাই দ্বিতীয়াৰ্ধতো এবাৰো লক্ষ্যভেদী শ্বট মাৰিব নোৱাৰিলে। ইনজুৰি টাইমত দলটোৱে ডাঙৰ আঘাত পায়, যেতিয়া এনজো ফাৰ্নাণ্ডেজে দ্বিতীয়বাৰৰ বাবে হালধীয়া কাৰ্ড লাভ কৰাৰ ফলত ৰেড কাৰ্ড পাই খেলপথাৰ এৰিবলগীয়া হয়।
ফাইনেললৈকে দুয়োটা দলৰ অভিযান
স্পেইন
- গ্ৰুপ H-ত ৭ পইণ্টেৰে শীৰ্ষত অৱস্থান।
- ছৌদি আৰব আৰু উৰুগুৱেক পৰাস্ত, কেপ ভাৰ্ডেৰ বিৰুদ্ধে ড্ৰ।
- ৰাউণ্ড অৱ ৩২-ত অষ্ট্ৰিয়াক ৩-০ গ’লত পৰাস্ত।
- ৰাউণ্ড অৱ ১৬-ত অন্তিম মুহূৰ্তৰ গ’লত পৰ্তুগালক পৰাস্ত।
- কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামক ২-১ গ’লত হৰুৱায়।
- ছেমিফাইনেলত শক্তিশালী ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ।
আৰ্জেণ্টিনা
- গ্ৰুপ J-ত আলজেৰিয়া, অষ্ট্ৰিয়া আৰু জৰ্ডানক পৰাস্ত কৰি শীৰ্ষত।
- ৰাউণ্ড অৱ ৩২-ত কেপ ভাৰ্ডেক অতিৰিক্ত সময়ত ৩-২ গ’লত পৰাস্ত।
- ৰাউণ্ড অৱ ১৬-ত ইজিপ্তৰ বিৰুদ্ধে ৩-২ গ’লত জয়।
- কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডক ৩-১ গ’লত পৰাস্ত।
- ছেমিফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ২-১ গ’লত জয় লাভ।
ফাইনেলৰ পূৰ্বে দুয়োটা দলে মুঠ ১৪খন আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল। ইয়াৰে ৬খনকৈ খেলত দুয়োটা দলে জয়লাভ কৰিছিল আৰু ২খন খেল ড্ৰ হৈছিল।
বিশ্বকাপ ইতিহাসত ইয়াৰ পূৰ্বে দুয়োটা দল মাত্ৰ এবাৰহে মুখামুখি হৈছিল। ১৯৬৬ চনৰ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত আৰ্জেণ্টিনাই স্পেইনক ২-১ গ’লত পৰাস্ত কৰিছিল। প্ৰায় ৬০ বছৰৰ পিছত পুনৰ বিশ্বকাপৰ মঞ্চত দুয়োটা দলৰ মুখামুখি হয়, আৰু এইবাৰ স্পেইনে ইতিহাস ৰচনা কৰি দ্বিতীয়বাৰৰ বাবে বিশ্বচেম্পিয়নৰ মুকুট দখল কৰে।
ডিজিটেল ডেস্ক, ২০ জুলাই