নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰুক্মিণীগাঁৱৰ পৰা বন্ধ কফিনত বেলশৰলৈ প্রাক্তন মুখ্যমন্ত্রী ডাঃ ভূমিধৰ বর্মন

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ নিশাটো বন্ধ কফিনত শুই অন্তিমবাৰৰ বাবে ৰুক্মিণীগাঁৱৰ ঘৰখনত জিৰণি ল’লে প্রাক্তন মুখ্যমন্ত্রী ডাঃ ভূমিধৰ বর্মনে৷ কেতিয়াও উভতি নহাৰ পথেৰে আগবেলা জননেতাজন ওলাল বেলশৰৰ পিতৃগৃহলৈ৷ অসংখ্য গুণমুগ্ধ–আত্মীয়ৰ অন্তিম শ্রদ্ধাঞ্জলিৰ মাজেৰে পুষ্পসজ্জিত বাহনত নশ্বৰদেহ লৈ বেলশৰলৈ যাত্রা কৰা মানৱদৰদী চিকিৎসক–বর্ষীয়ান ৰাজনীতিবিদ ডাঃ বর্মনৰ আজিয়েই হ’ব পিতৃগৃহত শেষ নিশা৷

আজি পুৱা বিলীন হৈ যাব পঞ্চভূতত৷ বেলশৰ অভিমুখি প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ শেষ যাত্রা কেইবাটাও স্থানত থমকিল৷ কাৰণ গুণমুগ্ধ–নুৰাগীয়ে তেওঁলৈ জনালে অন্তিমবাৰৰ বাবে শ্রদ্ধাঞ্জলি৷

উল্লেখ্য যে যোৱা ১৩ মার্চৰ পৰা চিকিৎসাধীন হৈ থকা ৮৯ বছৰীয়া প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনে কালি সন্ধিয়া ৬.২০ বজাত মহানগৰীৰ দিছপুৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল৷ সমগ্র ৰাজ্যকে শোকস্তব্ধ কৰি তোলা এই খবৰ লাভ কৰা মাত্রকে অসংখ্যজনে ভিৰ কৰিছিল দিছপুৰ হাস্পতাল চৌহদত৷ নিশাই প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ মৃতদেহ ৰুক্মিণীগাঁৱৰ ঘৰলৈ লৈ যোৱা হয়৷

নিশাৰ পৰা পুৱাৰ ভাগলৈ ৰুক্মিণীগাঁৱৰ ঘৰখনতো সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তি বিশেষ, দল–সংগঠনৰ প্রতিনিধিয়ে ভিৰ কৰে৷ প্রত্যেকেই প্রাক্তন মুখ্যমন্ত্রী তথা অসমত কংগ্রেছৰ পিতামহ ডাঃ বর্মনৰ প্রতি নিবেদন কৰে অন্তিম শ্রদ্ধা৷ সোমবাৰে আগবেলা প্রথমতে ৰুক্মিণীগাঁৱৰ পৰা পুষ্পসজ্জিত বাহনেৰে তেওঁৰ নশ্বৰদেহ অনা হয় অসম বিধানসভা সচিবালয়লৈ৷ তাত অসম বিধানসভাৰ তৰফৰ পৰা প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ প্রতি অন্তিম শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷

বিধানসভা সচিবালয়ৰ হৈ অসম বিধানসভাৰ প্রধান সচিব সঞ্জীৱ কুমাৰ শর্মা আৰু অতিৰিক্ত প্রধান সচিব দুলাল পেগুৱে প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ নশ্বৰদেহত পুষ্পাঞ্জলি অর্পণ কৰে৷ কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্রত শইকীয়াকে ধৰি কেইবাজনো বিধায়কো এই সময়ছোৱাত উপস্থিত আছিল৷ বিধানসভা সচিবালয়ৰ পৰা এইবাৰ প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ নশ্বৰদেহ অনা হয় জনতা ভৱন চৌহদলৈ৷ তাত এক শোকাকুল অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ উদ্যোগ–পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ নশ্বৰ দেহত ফুলৰ মালা অর্পণেৰে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

অনুষ্ঠানত কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্রত শইকীয়া, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিং, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তা, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে সাংসদ ভুবনেশ্বৰ কলিতা, ৰিপুণ বৰা, আব্দুল খালেক, প্রাক্তন মন্ত্রী ৰকিবুল হুছেইন, বিধায়ক বিনন্দ শইকীয়াসহ কেইবাজনো উচ্চপদস্থ বিষয়াই প্রাক্তন মুখ্যমন্ত্রীগৰাকীলৈ শেষ শ্রদ্ধা জনায়৷

অনুষ্ঠানত অসম আৰক্ষীৰ তৰফৰ পৰা সম্পূর্ণ আৰক্ষীৰ নিয়মেৰে প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনলৈ শ্রদ্ধাঞ্জলি অর্পণ কৰা হয়৷

মন কৰিবলগীয়া যে প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ বিয়োগৰ পিছতে তেওঁৰ প্রতি সন্মান জনাই ৰাজ্য চৰকাৰে কালি তিনিদিনীয়া শোক পালনৰ সিদ্ধান্ত ঘোষণা কৰিছিল৷ জনতা ভৱনৰ পিছত এইবাৰ প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ শোক সমদল আগবাঢ়ে প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱন অভিমুখে৷ ৰাজীৱ ভৱনতো প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ লগতে দলৰ কেইবাজনো শীর্ষ নেতা আৰু বহুসংখ্যক কর্মীয়ে অন্তিম শ্রদ্ধাঞ্জলি নিবেদন কৰে৷

ৰুক্মিণীগাঁৱৰ পৰা ৰাজীৱ ভৱনলৈ প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ এই যাত্রাপথত উপস্থিত আছিল প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্রত শইকীয়া, প্রাক্তন মন্ত্রী ৰকিবুল হুছেইন আদি৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনক কংগ্রেছৰ পিতামহ ভীষ্ম আখ্যা দি কয় যে সহজ–সৰল জীৱন যাপনত বিশ্বাসী ডাঃ বর্মন এগৰাকী বিচক্ষণ ৰাজনৈতিক নেতা হোৱাৰ উপৰি সু–চিকিৎসক আছিল৷ ওৰেটো জীৱন কংগ্রেছৰ নীতি–আদর্শত বিশ্বাসী হৈ ৰোৱা নিৰহংকাৰ ব্যক্তিত্বৰ অধিকাৰী ডাঃ বর্মনৰ মৃত্যুত কংগ্রেছে এগৰাকী অভিভাৱক হেৰুৱালে৷ তেওঁৰ মৃত্যুত দলৰ যি ক্ষতি হ’ল সেয়া অপূৰণীয়৷ সাংসদ প্রদ্যুৎ বৰদলৈয়ে প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ বিয়োগত শোক প্রকাশ কৰি কয় যে তেওঁ আমাৰ দলৰ অভিভাৱক আৰু নীতি নির্ধাৰক আছিল৷ সুদীর্ঘ কালৰ জ্ঞানলব্ধ অভিজ্ঞতাৰ বাবে তেওঁক নীতি নির্ধাৰণ কৰিব লগা বিষয়ত দলে প্রদান কৰিছিল দায়িত্ব৷ বিটিচি চুক্তিৰ ফ্রেমৱর্ক তেওঁৰ অধ্যক্ষতাতেই প্রস্তুত হৈছিল৷ এনআৰচি উন্নীতকৰণ এটা অত্যন্ত জটিল বিষয়৷ তেওঁ এনআৰচিৰো নীতি নির্ধাৰক আছিল৷ কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্রত শইকীয়াই কয় যে ৰাজ্যত অভাৱনীয় সমস্যাৰ উদ্ভৱ হ’লেই সমাধানৰ বাবে আমাৰ দলৰ চৰকাৰে তেওঁক চৰকাৰৰ প্রতিনিধি হিচাপে প্রেৰণ কৰিছিল৷ তেওঁৰ মৃত্যু অপূৰণীয় ক্ষতি৷ প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনে কয় যে আমি এজন প্রকৃত সাহসী বীৰক হেৰুৱালোঁ৷ তেওঁ এজন ধর্মনিৰপেক্ষ লোক আছিল৷ প্রতিকূল পৰিস্থিতিৰ মাজতো আদর্শ–নীতি কেনেকৈ ৰাখিব লাগে আমি উঠি অহা প্রজন্মই তেওঁৰ পৰা শিকিব লাগিব৷ ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতায়ো প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ বিয়োগত শোক প্রকাশ কৰি তেওঁৰ ৰাজনৈতিক দক্ষতাৰ কথা সোঁৱৰে৷ সেইদৰে প্রাক্তন মন্ত্রী অকণ বৰাই দীর্ঘদিনীয়া সম্পর্ক সোঁৱৰণ কৰি কয় যে সংকটৰ মাজতো আমি একেলগে দলীয় কাম–কাজ কৰিছিলোঁ৷ তেওঁ কেইবাবাৰো সন্ত্রাসবাদীৰ আক্রমণৰ সন্মুখীন হৈছিল যদিও কংগ্রেছৰ নীতি–আদর্শৰ পৰা আঁতৰি অহা নাছিল৷ তেওঁৰ দৰে ৰাজনীতিকক হেৰুৱাই মই অত্যন্ত মর্মাহত৷

সেইদৰে কালি পুৱাৰ ভাগত ৰুক্মিণীগাঁৱৰ ঘৰত উপস্থিত হৈ প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ প্রতি অন্তিম শ্রদ্ধাঞ্জলি জনাই অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা প্রবীণ সাংবাদিক কনকসেন ডেকাই কয় যে ডাঃ বর্মনৰ সৈতে আমাৰ এটা বেলেগ সম্পর্ক আছিল৷ আমাৰ আৰু তেওঁলোকৰ ঘৰৰ মাজৰ ব্যৱধান আধা কিলোমিটাৰ৷ তেওঁক সৰুৰে পৰা ভালকৈ জানো৷ তেওঁ এজন ভাল চিকিৎসক৷ তেওঁৰ সমান জনপ্রিয় চিকিৎসক কমেই আছিল৷ তেওঁ এজন সফল ৰাজনীতিকো৷ তেওঁ বিধায়ক হ’ল, মন্ত্রী হ’ল৷ প্রবীণ সাংবাদিকগৰাকীয়ে প্রসংগত প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ ওপৰত চলোৱা আক্রমণৰ কথাও উল্লেখ কৰে৷ ৰাজীৱ ভৱনত দলীয় নেতা–কর্মীসকলে প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি এক মিনিট সময় মৌনতা অৱলম্বন কৰে৷

ৰাজীৱ ভৱনৰ পৰা এইবাৰ প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ নশ্বৰদেহ লৈ যোৱা হয় নলবাৰী অভিমুখে৷ নলবাৰী জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ৰ সন্মুখত থকা নিজ বাসগৃহ, উপায়ুক্তৰ কার্যালয় আৰু ৰাজীৱ ভৱনত শ্রদ্ধাঞ্জলি জনোৱাৰ পিছত মৰোৱা–আৰিকুছি–বেজ হৈ প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ নশ্বৰদেহ লৈ যোৱা হয় মুকালমুৱাস্থিত বৰক্ষেত্রী ব্লক কংগ্রেছৰ কার্যালয় ৰাজীৱ ভৱনলৈ৷ এই পথছোৱাত ‘গৰিবৰ বন্ধু’ ডাঃ বর্মনক অন্তিমবাৰৰ বাবে চাবলৈ তথা শ্রদ্ধা জনাবলৈ হাজাৰ হাজাৰ লোকে দীর্ঘ সময় ধৰি অপেক্ষা কৰি আছিল৷ ৰাজীৱ ভৱনত শোক সমদল উপস্থিত হোৱাৰ লগে লগে হাজাৰ হাজাৰ গুণমুগ্ধই তেওঁৰ প্রতি অশ্রুসিক্ত নয়নেৰে শেষ শ্রদ্ধা নিবেদন কৰে৷ তাতেই শেষ শ্রদ্ধা জনাবলৈ অপেক্ষা কৰি আছিল সমাজ কল্যাণ মন্ত্রী প্রমীলাৰাণী ব্রহ্ময়ো৷ প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ বিয়োগত শোক প্রকাশ কৰি মন্ত্রী ব্রহ্মই কয় যে ডাঃ বর্মন সঁচা অর্থত মোৰ ৰাজনীতিৰ পিতৃস্বৰূপ৷ কেবিনেট সতীর্থ হিচাপে সকলো মন্ত্রী–বিধায়কক চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্রত ৰাইজৰ ওচৰলৈ গৈ আঁচনিসমূহ ৰূপায়ণ কৰাৰ বাবে সততে দিহা–পৰামর্শ আগবঢ়াইছিল৷ মুকালমুৱা ৰাজীৱ ভৱনৰ পৰা এইবাৰ প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ নশ্বৰদেহ লৈ যোৱা হয় কাপলাবড়িস্থিত বাসভৱনলৈ৷ তাতো অসংখ্যজনে প্রিয় নেতাজনৰ প্রতি অন্তিম শ্রদ্ধা নিবেদন কৰে৷

ইয়াৰ পিছত নশ্বৰদেহ বেলশৰ শিঙিমাৰাৰ পিতৃগৃহলৈ লৈ যোৱা হয়৷ নিশাটো প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ নশ্বৰদেহ তাতেই বেলশৰবাসীয়ে অন্তিম শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে ৰখোৱা হ’ব৷ আজি শিঙিমাৰাৰ ঘৰৰ সমীপতে থকা পিতৃ–মাতৃৰ সমাধিস্থলী থকা ভকতৰ পুখুৰী পাৰৰ উদ্যানত সম্পূর্ণ ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হ’ব প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনৰ অন্ত্যেষ্টিক্রিয়া৷

পৰিয়ালৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, উক্ত স্থানত অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰাৰ বাবে প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মনে জীৱিত কালতেই নিজৰ ইচ্ছা ব্যক্ত কৰি গৈছে৷

You might also like