নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থানেৰে গৌৰৱ কঢ়িয়ালে সৰুপেটাৰ বেদান্তই

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল : ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান দখল কৰি সৰুপেটাৰ ষ্টিলা মেৰিজৰ ছাত্ৰ বেদান্ত চৌধুৰীয়ে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ভৱানীপুৰ হৰিপুৰ গাঁৱৰ বন বিষয়া কুলেন চৌধুৰী আৰু ঝৰ্ণা দাস চৌধুৰীৰ দ্বিতীয় পুত্ৰ বেদান্ত চৌধুৰীয়ে আজি ঘোষিত ফলাফল অনুসৰি অসমীয়াত ৯৪, ইংৰাজীত ১০০, সাধাৰণ গণিতত ৯৭, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৯ আৰু উচ্চ গণিতত ১০০ সৰ্বমুঠ ৫৮৮ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ৯৮ শতাংশ নম্বৰ লাভ কৰি পৰিয়ালৰ সদস্যসকলৰ লগতে আত্মীয়-স্বজন তথা শুভাকাংক্ষীসকল উৎফুল্লিত হৈ হৰিপুৰৰ বাসভৱনত ভিৰ কৰাত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। ইপিনে, স্থানপ্ৰাপ্ত বেদান্ত চৌধুৰীয়ে এই ফলাফলত সন্তোষ প্ৰকাশ কৰি এনে ধৰণৰ আশা এটা মনত পূৰ্বৰ পৰাই মনত পুহি ৰাখিছিল বুলি কয়। ভৱিষ্যতে ছফ্টৱেৰ ইঞ্জিনীয়াৰ হোৱাৰ লক্ষ্য লৈ অধ্যয়ন কৰা বেদান্তই পঢ়া, শোৱা-খোৱাৰ বাহিৰে অন্য কোনো চিন্তা মনলৈ অনা নাছিল বুলি কৈ প্ৰসংগক্ৰমে ক্ৰিকেটৰ প্ৰতি থকা নিচাৰ বাবে টিভিত মাজে সময়ে ক্ৰিকেট খেল উপভোগ কৰিছিল যদিও পঢ়া সময় যাতে অপব্যয় নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিছিল বুলিও জনায়। প্ৰতিদিনে কিমান সময় পঢ়িছিল বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁৰ কোনো নিৰ্দিষ্ট সময় নাছিল বুলি কোৱাৰ লগতে পঢ়াক মুখ্য কৰিয়ে বাকী নিজৰ দৈনন্দিন কাম-কাজবোৰ কৰিছিল বুলিও কয়। পৰৱৰ্তী সময়ত বেদান্তই গুৱাহাটীত কোচিং কৰাৰ পৰিকল্পনা কৰাৰ কথা জানিবলৈ দিয়ে। উল্লেখযোগ্য যে অসম আন্দোলনৰ শ্বহীদ ব্ৰজেন চৌধুৰীৰ ভতিজা বেদান্ত চৌধুৰীৰ এই ফলাফলত সন্তোষ প্ৰকাশ কৰি বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিবলৈ পৰিয়ালটোৰ ওচৰ চাপে। ইপিনে, কঁহৰাস্থিত ষ্টিলা মেৰিজ নামৰ বিদ্যালয়খনতো বেদান্ত চৌধুৰীৰ ফলাফলক কেন্দ্ৰ কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনন্দৰ বন্যা বয়। আজি ফলাফল লাভ কৰাৰ লগে লগে পুৱাৰে পৰা বিদ্যালয়খনলৈ অভিভাৱক-অভিভাৱিকাৰ সোঁত বয়। ফটকা ফুটাই স্কুলখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী তথা অভিভাৱকসকলে বহুকেইখন গাড়ীৰে শোভাযাত্ৰা উলিয়াই সমগ্ৰ সৰুপেটা-ভৱানীপুৰ অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰা পৰিলক্ষিত হয় ।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like