নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত বন্যপ্রাণীৰ অংগ–প্রত্যংগসহ যুৱকক আটক বন বিভাগৰ

নিয়মীয়া বাৰ্তা ১৩ জুলাইঃ সোমবাৰে হোজাই বন বিভাগে বন্য জন্তুৰ অংগ–প্রত্যংগসহ এজন যুৱকক গ্রেপ্তাৰ কৰে৷ হাতীৰ দাঁত, হৰিণৰ ছাল আৰু অচিনাক্ত বন্য জন্তুৰ অংগসহ গ্রেপ্তাৰ কৰে নাচিৰ আলী নামৰ যুৱকজনক৷ হোজাইৰ চিঙাৰীবস্তিৰ পৰা গ্রেপ্তাৰ কৰা হৈছে যুৱকজনক৷ ধৃত যুৱকজনৰ ঘৰ ডবকাত৷ যুৱকজনৰ পৰা ন ইঞ্চি হাতীৰ দাঁত, আঠ ইঞ্চি হৰিণৰ ছাল জব্দ কৰে বন বিভাগৰ লোকে৷ বন্যপ্রাণীৰ এই অংগ–প্রত্যংগৰ জৰিয়তে যুৱকজনে দীর্ঘদিনৰ পৰা কবিৰাজী চিকিৎসা চলাই আহিছিল৷ আজি এনেদৰে চিকিৎসা চলাবলৈ যাওঁতে বন বিভাগে গ্রেপ্তাৰ কৰে যুৱকজনক৷

You might also like