নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্ভগীয়া চুমিলা ৰংহাপীৰ বাসগৃহত উপস্থিত তিৱা স্বায়ত্ব পৰিষদৰ প্ৰতিনিধি; পৰিয়ালক ১ লাখ টকাৰ সাহাৰ্য 

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিল: সমগ্ৰ দেশজুৰি হৃদয় কঁপোৱা বাৰ বছৰীয়া বনকৰা কিশোৰী চুমীলা ৰংহাংপীৰ অগ্নিদগ্ধহৈ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া।

উল্লেখ্য যে, যোৱা ২২ এপ্ৰিল তাৰিখে নগাঁও জিলাৰ ৰহাৰ খাইগড়ৰৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰৰ পাছফালে অগ্নিদগ্ধহৈ ১২ বছৰীয়া কিশোৰী চুমিলা ৰংহাংপীৰ ৰহস্যজনক মৃত্যুৰ পাছত সৰব হৈ উঠিছে স্থানীয় বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে। উক্ত ঘটনাৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দল-সংগঠন সমূহে দাবী কৰা লগতে ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিবাদো সাব্যস্ত কৰিছে।তদুপৰি ঘটনাৰ এসপ্তাহৰ পাছতো আৰক্ষীৰ জেৰাত অভিযুক্ত পিতা-পুত্ৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু নয়নজ্যোতি বৰঠাকুৰে আজি পৰ্যন্ত ঘটনাৰ মুখ নুখোলাত আৰক্ষীয়ে বিভিন্ন প্ৰকাৰে তদন্ত আৰম্ভ কৰিছে। কিন্তু এই তদন্তৰ লগতে আজি মৰিগাঁও তিৱা স্বায়ত্ব শাসিত পৰিষদেও এই ঘটনা চি,বি,আইক অৰ্পণ কৰিবলৈ দাবী জনাইছে।

বৃহস্পতিবাৰে মৰিগাঁও তিৱা স্বায়ত্ব পৰিষদৰ মুখ্যকাৰ্যবাহী জীৱন চন্দ্ৰ কোঁৱৰৰ নেতৃত্বত এক সঁজাতি দলে চুমিলা ৰংহাংপীৰ পশ্চিম কাৰ্বিআংলঙ জিলাৰ কুদাম ৰংহাঙ গাঁৱত উপস্থিতহৈ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে এই ঘটনাক তীব্ৰ গৰিহণা দি দোষীক ফাষ্টট্ৰেক আদালতৰ দ্বাৰা উচিত বিচাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই। ইয়াৰ লগতে উপমুখ্য কাৰ্যবাহী সদস্য তুলসী বৰদলৈয়েও ঘটনাক তীব্ৰ নিন্দা কৰি আইনৰ সুৰঙাৰে যাতে দোষী সাৰি নাযায় তাৰ বাবে আৰক্ষী প্ৰশাসনক আহ্বান জনাই।

তদুপৰি ঘটনাৰ  উচিত তদন্ত কৰি ক্ষীপ্ৰতাৰে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে পৰিষদৰ তৰফৰ পৰা এই গোচৰটো চি,বি,আইৰ দ্বাৰ তদন্ত কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনাই। লগতে তিৱা স্বায়ত্ব পৰিষদৰ তৰফৰ পৰা দূৰ্ভগীয়া চুমিলা ৰংহাংপীৰ পৰিয়ালক এক লাখ টকাৰ এককালীন সাহাৰ্য দিয়াৰ ঘোষণা কৰে।

সঁজাতি দলটোত পৰিষদৰ উপমুখ্য কাৰ্যবাহী তুলসী বৰদলৈৰ লগতে উপাধ্যক্ষ অংকুৰ দেউৰী, কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মছৰঙ, খগেন বৰদলৈ, বিনীতা দৈমাৰী, জবা ইংতি, পৰেশ ৰংহাঙ  সদস্য অজিত পাটৰ, কমল বৰদলৈ আদি উপস্থিত থাকে।

You might also like