নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ : নতুনকৈ ১৪,৬৯৩ ভোটাৰৰ নাম সন্নিৱিষ্ট

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে হোজাই জিলাৰ তিনি সমষ্টিৰ আজি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় ৷ হোজাই জিলা সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত হোজাইৰ যমুনামুখ, হোজাই আৰু লামডিং সমষ্টিৰ ভোটাৰ তালিকা প্ৰকাশ কৰা হয় ৷ হোজাইৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সীমান্ত কুমাৰ দাসে সংবাদ মেলত প্ৰকাশ কৰা অনুসৰি হোজাই জিলাৰ তিনি সমষ্টিৰ মুঠ ৬৫৯ ভোটকেন্দ্ৰত বিগত চুড়ান্ত ভোটাৰ তালিকাৰ ৭০৪৯৩২জন ভোটাৰৰ বিপৰীতে আজি প্ৰকাশিত খচৰা ভোটাৰ তালিকাত মুঠ ৭১৯৬২৫জন ভোটাৰৰ নাম সন্নিবিষ্ট হয়। ইয়াৰে ৩৬৭০১৫জন পুৰুষৰ বিপৰীতে ৩৫২৫৯৯জন মহিলা আৰু তৃতীয় লিংগৰ ভোটাৰ ১২জন । নতুনকৈ ১৪৬৯৩ জনৰ নাম সন্নিবিষ্ট হয়। ইয়াৰে যমুনামুখত ৫৫২৩, হোজাইত ৪৯৮৮ আৰু লামডিঙত ৪১৮৫জন ভোটাৰ বৃদ্ধি পায়। জিলাখনৰ ৮১২জন চাকৰিয়াল ভোটাৰৰ বিপৰীতে ২২৭৯জন ডি ভোটাৰ থকাৰ কথা উপায়ুক্তই সংবাদ মেলত প্ৰকাশ কৰে। উপায়ুক্তই প্ৰকাশ কৰা তথ্য অনুসৰি জিলাৰ তিনি সমষ্টি ক্ৰমে যমুনামুখত পুৰুষ ভোটাৰ ১,১৮,৪২২, মহিলা ভোটাৰ ১,১২,০১৮ আৰু তৃতীয় লিংগৰ ৬সহ মুঠ ২,৩০,৪৪৬ গৰাকী। হোজাইৰ পুৰুষ ভোটাৰ ১,৩৭,৮৩৫মহিলা ভোটাৰ ১,৩৩,৪৩৬গৰাকী আৰু তৃতীয় লিংগৰ ৪গৰাকী মুঠ ভোটাৰ ২,৭১,২৭৫জন। লামডিং সমষ্টিত পুৰুষ ভোটাৰ ১,১০,৭৫৮ মহিলা ভোটাৰ ১,০৭,১৪৫ আৰু তৃতীয় লিংগৰ এগৰাকী সহ মুঠ ভোটাৰৰ সংখ্যা ২,১৭,৯০৪গৰাকী। সংবাদ মেলত উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া জনে উল্লেখ কৰে যে, নিৰ্বাচন আয়োগৰ বিধি অনুসৰি খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পিছত জিলাখনৰ কোনো যোগ্য ভোটাৰৰ নাম কোনো কাৰণত যদি এই তালিকাত সন্নিৱিষ্ট হোৱা নাই তেন্তে তেওঁলোকে চিন্তিত হ’ব নালাগে কাৰণ ভোটাৰ তালিকাত নামভৰ্তিৰ বাবে নিয়মীয়া সংশোধনী প্ৰক্ৰিয়া অব্যাহত থাকিব। এই ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিবলৈ, শুধৰণি আদি কৰিবৰ বাবে আজিৰে পৰা ৮ নবেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰিব। এই সময়চোৱাৰ ভিতৰত কোনো তাৰিখ প্ৰকাশ কৰা নাই যদিও দুটা শনিবাৰ আৰু এটা দেওবাৰে বিশেষ প্ৰচাৰ অভিযান চলোৱা হব বুলি উপায়ুক্তজনে মন্তব্য কৰে ।এই আবেদনসমূহ পৰীক্ষা কৰি ২৬ ডিচেম্বৰৰ ভিতৰত জিলা প্ৰশাসনে চুড়ান্ত ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰি অহা বর্ষৰ ৫ জানুৱাৰীত চুৰান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হব। জিলা নিৰ্বাচন বিষয়া জাংমিৰ ৰংফাৰপী, অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম উপস্থিত থকা সংবাদ মেলত উপায়ুক্ত জনে যি সকলে ইতিমধ্যে আধাৰ কাৰ্ডৰ লগত ভোটাৰ কাৰ্ডৰ সংযোগ কৰা নাই সেই সকলে শীঘ্ৰে সংযোগ বাবে আহ্বান জনায় । সংবাদ মেলত নিৰ্বাচনী বিষয়া জাংমিৰ ৰংফাৰপীয়ে প্ৰকাশ কৰা মতে বৰ্তমানলৈকে জিলাখনৰ মুঠ ৫,১৮,৫৪৬ জন ভোটেৰেহে ভোটাৰ তালিকাৰ লগত আধাৰ সংযোগ কৰে ।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like