🔹 জলমগ্ন সৰুপথাৰ সমজিলাৰ বিভিন্ন নৈপৰীয়া অঞ্চল
নিয়মীয়া বাৰ্তা, চুঙাজান, ৬ জুলাই : বাৰিষাৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যত ক্ৰমাৎ আৰম্ভ হৈছে বানপানী। সৰুপথাৰ সমজিলাৰ বিভিন্ন প্ৰান্তত ধনশিৰি নৈৰ পানীয়ে বানপানীৰ সৃষ্টি কৰিছে । প্লাৱিত হৈ পৰিছে নৈপৰীয়া ৰাইজৰ খেতিপথাৰ। একপ্ৰকাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ধনশিৰি নৈৰ বানপানীয়ে।
কেইবাদিনৰ পৰা হৈ থকা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়িছে ধনশিৰি নৈৰ পানী। সৰুপথাৰ সমজিলাৰ চুঙাজান জ্যোতিবন অঞ্চলৰ প্ৰায় ৩০টাকৈ পৰিয়ালৰ ঘৰ ডুব গৈছে ধনশিৰিৰ পানীত।
আনহাতে, নাওজান, সৰুপথাৰ আৰু বৰপথৰৰ বিভিন্ন অঞ্চল এতিয়া বানৰ কবলত পৰাত হাহাকাৰ কৰিছে নৈপৰীয়া ৰাইজে। নৈ ক্ৰমাৎ ওফন্দি অহাত ধনশিৰিৰ বাঢ়নী পানীয়ে সৰুপথাৰ, বৰপথাৰৰ বিভিন্ন ঠাইত অনিষ্ট কৰিছে খেতিপথাৰ, মৃত্যুমুখত পৰিছে ঘৰচীয়া জন্তু। নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি নৈৰ জলস্তৰ বৃদ্ধি পোৱাত সৰুপথাৰৰ নগাজৰী, নাওজান কৈৰী গাঁও, ছেৱাগুৰি, শিমলু চাপৰি, শিঙিমাৰী, বচাপথাৰ আদি অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ লাগিছে। ঘৰ এৰি একাংশই মাথাউৰিত আশ্ৰয় লৈছেহি। কলৰ ভূৰ বনাই ৰাইজে নিজেই নিৰাপদ স্থানলৈ উদ্ধাৰ কৰি নিছে নিজৰ সম্পদসমূহ। এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে বানপানীৰ কবলত পৰা অঞ্চলসমূহত।
আনহাতে, বহু লোকে এতিয়া ঢাপলি মেলিছে প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰলৈ। নাওজান কৈৰী গাঁৱত প্ৰশাসনে স্থাপন কৰিছে আশ্ৰয় শিবিৰ, লগতে যোগান ধৰিছে প্ৰয়োজনীয় সকলো সামগ্ৰী। আনহাতে, বৰপথাৰ শিমলু চাপৰিত প্ৰশাসনে স্থাপন কৰিছে খাদ্য সামগ্ৰী বিতৰণ কেন্দ্ৰ।