নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ বাঘমাৰাত ৰেট্ৰফিটিং পানী যোগান আঁচনি উদ্বোধন মন্ত্ৰী ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ আজি বজালীৰ বাঘমাৰাত এখন পানী যোগান আঁচনিৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত বাঘমাৰাত বজালী জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ দ্বাৰা নিৰ্মিত “ৰেট্ৰফিটিং বাঘমাৰা পানী যোগান আঁচনি”ৰ খনৰ শুভ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় ৬৮.৫০ লাখ টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ হোৱা এই আঁচনিখনৰ জৰিয়তে অঞ্চলটোৰ ৩৩৬টা পৰিয়ালে বিশুদ্ধ খোৱাপানীৰ টেপ সংযোগ লাভ কৰিব৷ মন্ত্ৰীগৰাকীয়ে ভাষণত সমষ্টিটোৰ সকলো সমস্যা পৰ্যায়ক্ৰমে সমাধানৰ বাবে বদ্ধপৰিকৰ বুলি উল্লেখ কৰি পাটাছাৰকুছি সমষ্টিৰ সৰ্বোতপ্ৰকাৰ উন্নয়ন তেওঁৰ প্ৰধান লক্ষ্য বুলি মন্তব্য কৰি এই ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগৰ শলাগ লয়৷ আজিৰ এই আচঁনিটো উদ্ধোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সতে বজালীৰ উপায়ুক্ত কাবেৰী বৰকাকতি শৰ্মা, বজালী জিলা পৰিষদৰ অধ্যক্ষ ৰঞ্জিত শালৈ, বিজেপিৰ উত্তৰ-পূব মণ্ডলৰ সভাপতি নৃপেন নাথ সমন্বিতে বিভাগৰ বিষয়াসকল আৰু ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে৷ এই আঁচনিৰ জৰিয়তে অঞ্চলবাসী উপকৃত হব বুলি উপস্থিত ৰাইজে আশা ব্যক্ত কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like