নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিভি খুলিলেই আমি প্ৰধানমন্ত্ৰীক দেখা পাওঁ : জয়ন্তমল্ল বৰুৱা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ এপ্ৰিলঃ কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ সমৰ্থনত পাথাৰকান্দিত অনুষ্ঠিত বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। মন্ত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী বনাবলৈ সকলোকে বিজেপিক ভোট দিবলৈ আহ্বান জনায়। পাথাৰকান্দিবাসীৰ উৎসাহ দেখি আহ্লাদিত হয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। কৃপানাথ মাল্লা ২ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব। পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ নেতৃত্বত যথেষ্ট উন্নয়ন হৈছে সমষ্টিটোত। বাটপথৰ লগতে সৰ্বাংগীণ বিকাশ হৈছে পাথাৰকান্দিত। সকলো শ্ৰেণীৰ লোক উপকৃত হৈছে এই বিকাশৰ জৰিয়তে। বৰাক ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ জৰিয়তে অসম আগবাঢ়িছে পাথাৰকান্দি আগবাঢ়িছে। আমাৰ প্ৰধানমন্ত্ৰী কেৱল দেশতে নহয় বিদেশতো সমানে সমাদৃত। টিভি খুলিলেই আমি প্ৰধানমন্ত্ৰীক দেখা পাওঁ। বিশ্বগুৰু নৰেন্দ্ৰ মোদীক সকলোৱে ভাল পায়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমক দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিব লাগিব।‌ তাৰবাবে অসমৰ উন্নয়নৰ বাবে আমি কাম কৰিব লাগিব। ৰাইজৰ আহ্বান মন্ত্ৰিত্ব প্ৰদান কৰিব লাগে বিধায়ক কৃষ্ণেন্দু পালক। সেই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰিব বুলি ৰাইজক আশ্বাস দিয়ে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। সকলোৱে পদুম ফুলত ভোট দিব বুলি আশাবাদী মন্ত্ৰীগৰাকী। শীঘ্ৰেই পাথাৰকান্দিত skill development centre নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে জয়ন্তমল্ল বৰুৱাই। পাথাৰকান্দিৰ ল’ৰা ছোৱালীবোৰক আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ২ বছৰ পূৰ্বে পাথাৰকান্দিৰ ৰাইজৰ লগত ৰেচন কাৰ্ড নাছিল। এতিয়া বিধায়ক কৃষ্ণেন্দু পালৰ নেতৃত্বত ৩৮ হাজাৰ লোকে লাভ কৰিছে ৰেচন কাৰ্ড। সমান্তৰালকৈ সমগ্ৰ অসমৰ ৪২ লাখ লোকক ৰেচন কাৰ্ড দিছে বিজেপি চৰকাৰে। আৰু যদি কোনো লোক বাদ পৰি গৈছে বিধায়ক কৃষ্ণেন্দু পালে ইয়াৰ ব্যৱস্থা কৰি দিব একো চিন্তা কৰিব নালাগে। ৰেচন কাৰ্ড থকা সকলে আয়ুস্মান ভাৰতৰ কাৰ্ড লাভ কৰিছে। যাৰ জৰিয়তে চিকিৎসাৰ নামত ৫ লাখ টকাৰ সুবিধা লাভ কৰে। যিকোনো চিকিৎসালয়তে ব্যৱহাৰ কৰিব পাৰি এই আয়ুস্মান ভাৰতৰ কাৰ্ড। ইপিনে ৰেচন কাৰ্ড থাকিলে উজালা আঁচনিৰ সুবিধা পায়। এই আচঁনিৰ জৰিয়তে বিনামূলীয়া গেছৰ সংযোগ লাভ কৰে গৃহস্থই। ইয়াৰ উপৰি এইবাৰ মুখ্যমন্ত্ৰীয়ে যাৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় আঁচনি লাভ কৰিব বুলি ঘোষণা কৰিছে। কেৱল ইমানেই নহয় ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীয়ে পাব জীৱন বীমা আৰু দুৰ্ঘটনা বীমা। যাৰ প্ৰীমিয়াম দিব অসম চৰকাৰে। ভাষণত লগতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই উল্লেখ কৰে যে ল’ৰাৰ দায়িত্ব পিতৃ মাতৃয়ে ল’ব আৰু কন্যাৰ দায়িত্ব হিমন্ত মামাই ল’ব। ছোৱালীৰ বাবে এইবাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে নিযুত মইনা নামৰ এক আঁচনি। ইয়াৰ জৰিয়তে যিসকল ছাত্ৰীয়ে হায়াৰ চেকেণ্ডেৰী পঢ়িব তেওঁলোকক ১০ হাজাৰ, বি. এ, বি. এছ. চি. পঢ়িব তেওঁলোকক ১২,৫০০ আৰু বিশ্ববিদ্যালয়ত যিসকলে পঢ়িব তেওঁলোকক ২৫ হাজাৰ টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এনেধৰণৰ উন্নয়নৰ বাবে সকলোৱে পদুম ফুলত ভোট দিব লাগিব। বিধায়ক কৃষ্ণেন্দু পাল মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক শক্তিশালী কৰি তুলিব লাগিব। ভাষণ সামৰি উপস্থিত ৰাইজৰ সৈতে নৃত্য কৰা দেখিবলৈ পোৱা গ’ল মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক। বিশাল জনসভাক সম্বোধন কৰি উৎফুল্লিত হৈ উঠে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। এনেদৰে ২য় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা।

You might also like