নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈত পত্নী-ভাতৃক এচিড আক্ৰমণ কৰি থানাত আত্মসমৰ্পণ স্বামীৰ

ষ্টাফ ৰিপৰ্টাৰ, দৰং, ২২ এপ্ৰিলঃ খোদ পত্নীসহ ভাতৃক এচিডেৰে আক্ৰমণ কৰি যোৱানিশা মঙলদৈ থানাত আক্ৰমণকাৰীয়ে আত্মসমৰ্পণ কৰাৰ দৰে চাঞ্চল্যকৰ ঘৃণনীয় ঘটনা সংঘটিত হৈছে দৰঙত। নিশা প্ৰায় ১১-৩০ বজাত সংঘটিত এই ঘটনাকলৈ দৰং আৰক্ষী তৎপৰ হৈ পৰাৰ লগতে আজি আক্ৰমণৰ উদ্দেশ্য, এচিড সংগ্ৰহ আদি বিষয়বোৰ গোচৰ ৰুজু কৰি তদন্ত চলায় দৰং আৰক্ষীয়ে। লক্ষনীয় যে যোৱানিশা প্ৰায় ১২ বজাত মঙলদৈ থানাত চহৰৰ ২নং ৱাৰ্ডৰ আৱাসী আখতাৰ হুছেইন উপস্থিত আজৱ স্বীকাৰোক্তি দিয়ে। আৰক্ষীৰ সমুখত আখতাৰে পত্নীক শোৱাপাটীত আৰু ভাতৃক শোৱাপাটীৰ পৰা ৰাজপথলৈ মাতি আনি এচিডেৰে আক্ৰমণৰ বিষয়ে ভাষ্য দিয়ে। নিশা মঙলদৈ থানাই অৱগত হোৱাৰ লগে লগে সকলোৰে টোপনি ভাগি যায় আৰু আক্ৰমণৰ বলি মহিলা সহ যুৱকজনক তৎকালে চিকিৎসা প্ৰদানত তৎপৰ হয়। আখতাৰে মূলতঃ পত্নীৰে ভাতৃৰ সম্পৰ্ক সন্দৰ্ভত ভাষ্য আগবঢ়াই আক্ৰমণৰ সিদ্ধান্ত লোৱা বুলি অৱগত কৰে। সমগ্ৰ আক্ৰমণৰ ঘটনা সন্দৰ্ভত অপৰাধ শাখাৰ দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে আজি সদৰী কৰা অনুসৰি, যোৱানিশা মঙলদৈ ২নং ৱাৰ্ডৰ আখতাৰ হুছেইন নামৰ লোকজনে মঙলদৈ থানাত আহি অৱগত কৰে যে, আখতাৰে পত্নীসহ মাহীমাকৰ পুত্ৰক এচিড আক্ৰমণ কৰে। বিষয়টো মঙলদৈ থানাত নিশা প্ৰায় ১২ বজাত অৱগত কৰাৰ লগে লগে হুৱা-দুৱা লাগে আৰু আৰক্ষীৰ এটা দলে মঙলদৈ ২নং ৱাৰ্ডলৈ যাত্ৰা কৰে। আখতাৰে পত্নীৰে মাহীমাকৰ পুত্ৰ অবৈধ সম্পৰ্কৰ অভিযোগতে পত্নীক শোৱাপাটীত এচিডেৰে আক্ৰমণ কৰে। আনহাতে ভাতৃক শোৱাপাটীৰ পৰা ৰাজপথলৈ মাতি আনি আক্ৰমণ কৰে বুলি আৰক্ষীৰ সমুখত ভাষ্য দিয়ে। নিশাই দৰং আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি এচিড আক্ৰমণকাৰীক জিম্মাত লৈ এচিড ক’ৰ পৰা সংগ্ৰহ কৰিলে, এচিড আক্ৰমণৰ পাছত এচিড ভৰোৱা বটলটো বেগা নদীৰ কোন স্থানত পেলাই দিলে জাতীয় যাৱতীয় তথ্য প্ৰমাণ সংগ্ৰহত নামি পৰে। একেদৰে নিশা এচিড আক্ৰমণৰ বলি মহিলাসহ যুৱকজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি জিএমচিএইচলৈ প্ৰেৰণ কৰে। দুয়োৰে অৱস্থা বিপদমুক্ত ষদিও অধিক চিকিৎসাৰ প্ৰয়োজন হব বুলি প্ৰকাশ কৰিছে।

প্ৰেৰক দিগন্ত কুমাৰ শৰ্মা

You might also like