নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুইপ’ কোম্পানী-ৰাম কুমাৰ-অইল ইণ্ডিয়াক লৈ আলফাৰ বিবৃতিত কি আছে?

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ আলফা স্বাধীনে আজি কুইপোৰ কৰ্মচাৰী ৰাম কুমাৰৰ মৃত্যুদণ্ডৰ দিন ঘোষণা কৰাৰ লগতে কুইপো আৰু অইল ইণ্ডিয়াক লৈও জাননী জাৰি কৰিছে। আলফা স্বাধীনে এই সম্পৰ্কে প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে এইদৰে-

‘সংযুক্ত মুক্তি বাহিনী আৰু এনএছচিএন-জিপিআৰএৰ তত্ত্বাৱধানত থকা quippo oil and gas infrastructure ltdৰ কৰ্মচাৰী দুগৰাকীৰ মুক্তি সন্দৰ্ভত এমাহ পাৰ হৈ যোৱাৰ পিছতো কোম্পানীটোৱে কোনো তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হোৱা নাই।

এই সংঘাতৰ ফলপ্ৰসূ সমাধানৰ সলনি ভাৰতীয় দখলদাৰী বাহিনীৰ অভিযানৰ জৰিয়তে কূটকৌশল আৰু শক্তিপ্ৰয়োগ তীব্ৰতৰ কৰাহে দৃষ্টিগোচৰ হৈছে। গতিকে আমি এই কোম্পানীটোৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে যদি ১৬ ফেব্ৰুৱাৰী, ২০২১ৰ ভিতৰত মুক্তিৰ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে তেওঁলোকৰ ভাৰতীয় কৰ্মচাৰী ৰাম কুমাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই সময়ৰ ম্যাদ কোনো কাৰণতে বৃদ্ধি কৰা নহয়। ১৭ ফেব্ৰুৱাৰী তাৰিখৰ পিছত কুইপ’ক অসম তথা সমগ্ৰ পশ্চিম দক্ষিণ-পূব এছিয়াত নিষিদ্ধ ঘোষণা কৰা হ’ব। সেয়েহে এই কোম্পানীৰে জড়িত থলুৱা ব্যক্তিবিশেষ তথা প্ৰতিষ্ঠানসমূহক এতিয়াৰ পৰাই বিকল্প জীৱিকাৰ সন্ধানত ব্ৰতী হ’বলৈ আহ্বান জনাইছোঁ।

অন্যহাতেদি অধিক খৰটকীয়া উৎপাদন তথা শোষণৰ স্বাৰ্থত অইল ইণ্ডিয়া লিমিটেডে তৈলক্ষেত্ৰসমূহ ব্যক্তিগত কোম্পানীক আবণ্টন বন্ধ কৰিবলৈকো জাননী প্ৰেৰণ কৰিলোঁ। অন্যথা এই ব্যক্তিগত তেল কোম্পানীসমূহৰ ওপৰত অনাগত দিনত আমি যথোচিত কাৰ্যকৰী পদক্ষেপ ল’ম। এইক্ষেত্ৰত আমি থলুৱা নে বিদেশী অথবা অন ডিউটী-অফ ডিউটী বিবেচনা নকৰিম।’

You might also like