নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ৰাজনীতিত বকাসুৰ কোন?

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ অসমৰ ৰাজনীতিত নতুনকৈ এজন অসুৰৰ আৱিৰ্ভাৱ ঘটিছে। নিৰ্বাচনৰ বতাহ বাৰুকৈয়ে বলিছে। ডিচেম্বৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব BTC নিৰ্বাচন। আখৈ ফুটাদি ফুটিছে প্ৰতিশ্ৰুতি। কোনোৱে যদি পিকনিক খোৱাৰ যো-জা কৰিছে কোনোৱে আকৌ গেলেৰীত বহি শপত লোৱাৰ বাবে চিট বুকিং কৰিছে।

কথাৰ বাণৰ মাজতে ওলাইছে এজন বকাসুৰ। তেওঁ বোলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিটিচিৰ উন্নয়নৰ বাবে দিয়া টকাবোৰ গো-গ্ৰাসে গিলিছে। তেওঁ কোন জানানে? বিধায়িকা আঙুৰলতাই চিনাকি কৰি দিয়া এই বকাসুৰজন হাগ্ৰামা মহিলাৰী।

বিটিচিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এই মন্তব্য আঙুৰলতাৰ। উন্নয়ন বিজেপি চৰকাৰৰ দ্বাৰাহে সম্ভৱ বুলিও সাংবাদিকৰ আগত কয় বিজেপি বিধায়িকাগৰাকীয়ে।

ৰাজনীতিত যে সকলো সম্ভৱ তাৰ প্ৰমাণেই এয়া। নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই ৰাজনৈতিক নেতাসকলৰ মাজত বৃদ্ধি পাইছে তৎপৰতা।কি ইউপিপিএল কি বিপিএফ গাদী দখলৰ দৌৰত সকলো। কথাৰ ৰাজনীতিৰ মাজতে কোনে দখল কৰিব শাসনৰ বাঘজৰী, তাৰ ৰহস্য ভেদ হ’ব ৭ ডিচেম্বৰৰ পাছতে।

You might also like