নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি বিল বাতিলৰ দাবীত মৰিগাঁৱত অৱস্থান ধৰ্মঘট কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা কৃষকবিৰোধী তিনিখন আইন বাতিলৰ দাবীত আজি মৰিগাঁও চহৰত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

ইতিমধ্যে দেশৰ ৰাজধানী দিল্লীত যোৱা ছদিন ধৰি প্ৰতিবাদ অব্যাহত ৰখা প্ৰতিবাদকাৰী কৃষকৰ দাবী মানি লোৱা, কৃষকৰ স্বাৰ্থৰ পৰিৱৰ্তে বণিয়াৰ স্বাৰ্থত প্ৰণয়ন কৰিবলৈ লোৱা কৃষকবিৰোধী কৃষি আইন বাতিল কৰা আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলবিৰোধী এই আইন বাতিল কৰাৰ দাবীত আজি মৰিগাঁও চহৰৰ বিহুতলীত ৰূপায়ণ কৰা তিনিঘন্টীয়া প্ৰতিবাদী অৱস্থান কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰা মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক দেৱজিত পাতৰে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে দেশৰ হাজাৰ হাজাৰ কৃষকৰ সৰ্বাত্মক প্ৰতিবাদী কাৰ্যসূচীৰ পৰা চৰকাৰখনে শিক্ষা গ্ৰহণ কৰা উচিত।

আনহাতে দেশৰ কৃষকসকলৰ কৃষকবিৰোধী কৃষি আইন বাতিলৰ সংগ্ৰামলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পূৰ্ণ সমৰ্থন থাকিব বুলি প্ৰকাশ কৰি কৃষক বিৰোধী আইন বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি প্ৰকাশ কৰে। উক্ত কাৰ্যসূচীত সদৌ অসম কৃষক সংঘৰ কাৰ্যকৰী সভাপতি তুলসী ডেকা, ৰাইজৰ দলৰ আহ্বায়ক ৰাতুল হাজৰিকাৰ উপৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ নেতা-কৰ্মী উপস্থিত থাকে।

You might also like