নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মহানগৰীৰ ১৭০৭ কেন্দ্রত ভোটগ্রহণ

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ কামৰূপ মহানগৰ জিলাৰ অন্তর্গত চাৰিটা সমষ্টি ক্রমে ৫১নং জালুকবাৰী, ৫২নং দিছপুৰ, ৫৩নং পূব গুৱাহাটী আৰু ৫৪নং পশ্চিম গুৱাহাটীত মঙলবাৰে অনুষ্ঠিত হ’ব তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ৷ এই ভোটগ্রহণ প্রক্রিয়াৰ বাবে সোমবাৰে মহানগৰীৰ বেতকুছিত অৱস্থিত মণিৰাম দেৱান ট্রেড চেণ্টাৰৰ পৰা যাৱতীয় সামগ্রীসমূহ লৈ নিয়োজিত বিষয়া–কর্মচাৰীসক নির্ধাৰিত ভোটগ্রহণ কেন্দ্রলৈ ৰাওনা হয়৷ উল্লেখযোগ্য যে জিলাখনৰ ৪টা সমষ্টিৰ মুঠ ১৭০৭টা ভোটগ্রহণ কেন্দ্রত মঙলবাৰে ভোটগ্রহণ অনুষ্ঠিত হ’ব৷

ইয়াৰে জালুকবাৰী সমষ্টিত ২৯৭টা, দিছপুৰত সমষ্টিত ৬০৭টা, পূব গুৱাহাটী সমষ্টিত ৩৪০টা আৰু পশ্চিম গুৱাহাটী সমষ্টিত ৪৫০টা ভোটগ্রহণ কেন্দ্র আছে৷ এই ভোটগ্রহণ কেন্দ্রসমূহৰ বাবে নিয়োজিত কৰা হৈছে ১,৭০৭গৰাকী প্রিজাইডিং আৰু ৫,১২১গৰাকী প’লিং বিষয়া আৰু লগতে প্রতিটো কেন্দ্রতে দুগৰাকীকৈ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে৷ জিলাখনৰ জালুকবাৰীত ১০টা, দিছপুৰত ২৫টা, পূব গুৱাহাটীত ৬৫টা আৰু পশ্চিম গুৱাহাটীত ২০টা ভোটগ্রহণ কেন্দ্রকে ধৰি মুঠ ১২০টা ভোটগ্রহণ কেন্দ্র কেৱল মহিলা বিষয়া–কর্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব৷ কামৰূপ মহানগৰ জিলাৰ চাৰিওটা সমষ্টিৰ মুঠ ১১,৫২,৪৮৭গৰাকী ভোটাৰৰ ভিতৰত ৫,৬৯,৪৩৭গৰাকী পুৰুষ আৰু ৫,৮৩,০০৬গৰাকী মহিলা ভোটাৰ৷

সমষ্টিভিত্তিত ভোটাৰৰ সংখ্যা এনেধৰণৰ জালুকবাৰী সমষ্টিত ১,০০,৩৭৮গৰাকী পুৰুষ আৰু ১,০৪,০২৫গৰাকী মহিলা, দিছপুৰ সমষ্টিত ২,০৪,১৩৪গৰাকী পুৰুষ আৰু ২,০৭,৪৮৯গৰাকী মহিলা, পূব গুৱাহাটী সমষ্টিত ১,১৮,৩৮৫গৰাকী পুৰুষ আৰু ১,২১,১১২গৰাকী মহিলা আৰু পশ্চিম গুৱাহাটী সমষ্টিত ১,৪৬,৫৪০গৰাকী পুৰুষ আৰু ১,৫০,৩৮০গৰাকী মহিলা ভোটাৰ৷ ইয়াৰ উপৰি ৪৪জন আছে তৃতীয় লিংগৰ ভোটাৰ৷ আনহাতে, জিলাখনত মুঠ ৩৭টা ভোটগ্রহণ কেন্দ্র আদর্শ ভোটগ্রহণ কেন্দ্র হিচাপে গঢ়ি তোলা হৈছে৷ ইয়াৰে জালুকবাৰীত ৮, দিছপুৰত ৮, পূব গুৱাহাটীত ১৬ আৰু পশ্চিম গুৱাহাটী সমষ্টিত ৫টা আদর্শ ভোটগ্রহণ কেন্দ্র আছে৷ তেনেদৰে জটিল ভোটগ্রহণ কেন্দ্র হিচাপে চিহ্ণিত কৰা মুঠ ৬৭টা কেন্দ্রৰ সংখ্যা হ’ল– জালুকবাৰীত ২৬টা, দিছপুৰত ৯টা, পূব গুৱাহাটীত ২টা আৰু পশ্চিম গুৱাহাটীত ৩০টা৷ অতিৰিক্তভাৱে জিলাখনৰ দিছপুৰ সমষ্টিত ৫টা আৰু পশ্চিম গুৱাহাটী সমষ্টিত ১০টা অস্থায়ী ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে৷ উল্লেখ্য যে মঙলবাৰে জিলাখনৰ চাৰিটা সমষ্টিত ৪৩গৰাকী প্রার্থী নির্বাচনী প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ’ব৷ ইয়াৰে ১৮গৰাকী নির্দলীয় প্রার্থী৷

You might also like