🔹 পুৱা চাহ বাগিচালৈ পাত তুলিবলৈ যোৱাৰ সময়তে পিছফালৰ পৰা আক্ৰমণ বন্যহস্তীৰ
নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : হাতী-মানুহৰ সংঘাতে জুৰুলা কৰিছে ভূটান সীমান্তৱৰ্তী অঞ্চলবাসীক । ৰাজ্যত পুনৰ হাতী-মানুহৰ সংঘাত দিনকদিনে বৃদ্ধি পাইছে৷ ডিমাকুছিৰ ৰজাগড়ত দিনৰ পোহৰতে পুৱাই হাতীৰ আক্ৰমণত এজন লোক নিহত হয়৷ নিহত লোকজন ৰজাগড়ৰ ভূপেন ডেকা (৫৫) বুলি জানিব পৰা গৈছে ৷
ওদালগুৰি জিলাৰ ৰজাগড়ত সংঘটিত এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ৷ বন্যহস্তীৰ মুক্ত বিচৰণত এতিয়া আতংকিত হৈ পৰিছে ডিমাকুছি-ৰজাগড়ৰ গঞা । এসপ্তাহৰ পূৰ্বে বাদলাপাৰা চাহ বাগিচাত পুৱাই একে ঘটনা সংঘটিত হৈছিল। বাদলাপাৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ অনুৰূপ ঘটনা সংঘটিত হোৱাত তীব্ৰ ক্ষোভ স্থানীয় ৰাইজৰ । বাৰে বাৰে ৰাইজৰ চকুৰ সন্মুখতে হাতীয়ে গচকি হত্যা কৰি আহিছে নিৰীহ লোকক । পুৱা চাহ বাগিচাত পাত ছিগিবলৈ যোৱাৰ সময়তে পাছফালৰ পৰা হাতীয়ে আক্ৰমণ কৰে লোকজনক । ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ভূপেন ডেকাক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতে মৃত্যু হয় লোকজনৰ ।
ইফালে, বন বিভাগক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত নোহোৱাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় অঞ্চলটোত। হাতী-মানুহৰ সংঘাত ৰোধত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি উত্তেজিত লোকসকলে বন বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী হায় হায়, বন বিভাগৰ ইএম ৰঞ্জিৎ বসুমতাৰী হায় হায়, বন বিভাগ গ’ বেক , চন্দ্ৰমোহন পাটোৱাৰী গ’ বেক আদি শ্লোগানেৰে ৰজাগড়ত উত্তাল কৰি তোলে। প্ৰায় প্ৰতিদিনে এনেদৰে নিৰীহ লোকে বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুওৱাৰ পিছতো কিন্তু গা নলৰিল বিয়াগোম বিভাগটোৰ। কিহৰ বাবে কোনোধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰে, সেয়া চিন্তনীয় বিষয় হৈ পৰিছে ।
প্ৰেৰক পিংকু কলিতা