নিতৌ বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পাই আছে। কিন্তু স্থায়ী কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই বন বিভাগ তথা চৰকাৰে। এই বন্যহস্তীৰ উপদ্ৰৱৰ সময়তে যোৱানিশা খাদ্যৰ সন্ধানত অহা বন্যহস্তীয়ে কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জালুকবাৰীত উপদ্ৰৱ চলোৱাই নহয়, কিংকং ৰাভাৰ বাসগৃহ লণ্ডভণ্ড কৰে। এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে পৰিয়ালৰ পাঁচজনকৈ সদস্যৰ।
তেওঁলোক শুই থকা অৱস্থাত বন্যহস্তীয়ে নিশা তেওঁলোকৰ বাসগৃহত সোমাই চাউল খাই যোৱাৰ লগতে দুটাকৈ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ উমান পাই তেওঁলোকে ঘৰৰ পিছফালৰ বেৰ কাটি দৌৰি পলায়ন কৰে। এই ঘটনা পোহৰলৈ অহাত নিশা ৰাইজে একগোট হৈ পৰিয়ালটোক সুৰক্ষা দিয়াৰ লগতে গাঁওবাসীয়ে খাদ্য সামগ্ৰী আদি যোগান ধৰে। এই ঘটনাৰ বাবে বন বিভাগ তথা চৰকাৰক ক্ষতিপূৰণ দিয়াৰ আহ্বান জনায় ৰাইজে।
লগতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাকো এই অঞ্চলটোলৈ আহি বন্যহস্তী আৰু মানুহৰ মাজত সৃষ্টি হোৱা সংঘাতৰ কিবা ব্যৱস্থা কৰিবলৈ কয়। উল্লেখ যে বছৰ বছৰ ধৰি এই অঞ্চলটোত বন্যহস্তী আৰু মানুহৰ মাজত সংঘাত হৈ আহিছে যদিও বন বিভাগ তথা চৰকাৰে কোনো স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।