নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিষিদ্ধ ড্রাগ্ছত ফাঁচীবজাৰৰ ব্যৱসায়ীৰ বিনিয়োগ; ধৃত দুই

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীত ড্রাগ্ছৰ ৰমৰমীয়া বেহা চলাই আহিছে এটা শক্তিশালী চক্রই৷ এই ড্রাগ্ছ ব্যৱসায়ী চক্রটোক ড্রাগ্ছ ক্রয়ৰ বাবে ফাঁচীবজাৰৰ ব্যৱসায়ীয়ে ধনৰ যোগান ধৰাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷

মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই গ্রেপ্তাৰ কৰা বেলতলাৰ ড্রাগ্ছ ব্যৱসায়ী শংকৰ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত ফাঁচীবজাৰৰ পৰা চুনু আগৰৱালা আৰু বিনায়ক চামচুখা নামৰ দুই ব্যৱসায়ীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ অপৰাধ শাখাৰ অভিযানকাৰী দলটোৱে ধৃত ব্যৱসায়ী দুজনৰ পৰা ১৭.২২ লাখ টকা জব্দ কৰে৷

সম্প্রতি অপৰাধ শাখাই ধৃত ব্যৱসায়ী দুজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ ফাঁচীবজাৰৰ ব্যৱসায়ীয়ে ধন ড্রাগ্ছৰ সাম্রাজ্যত বিনিয়োগ কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতে ব্যৱসায়ীসকলৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ মহানগৰ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ড্রাগ্ছৰ ব্যৱসায়ত বিনিয়োগ কৰা ব্যৱসায়ীসকলৰ তথ্য৷

You might also like