নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙত ৩১টা ভোটকেন্দ্ৰ পৰিচালনাৰ দায়িত্বত মহিলা

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: এঘাৰটা বিধানসভা সমষ্টিৰে গঠিত দৰং-ওদালগুৰি লোকসভা সমষ্টিত কাইলৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ বাবে সমষ্টিটোত মুঠ ভোটকেন্দ্ৰ আছে ২৪২২টা । লক্ষণীয়ভাবে লোকসভা সমষ্টিটোৰ অন্তৰ্গত দৰং জিলাত আছে মুঠ তিনিটা বিধানসভা সমষ্টি। তিনিওটা সমষ্টিতে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দৰং জিলা প্ৰশাসনে গ্ৰহণ কৰিছে সকলো ব্যৱস্থা। মঙলদৈ মহাবিদ্যালয়ত স্থাপন কৰা অস্থায়ী নিৰ্বাচনী কাৰ্যালয়ৰ পৰা কালিয়েই ভোট গ্ৰহণৰ সা-সামগ্ৰীসহ দুৰ্গম আৰু দুৰণিবটীয়া এলেকাৰ ৪৩ কেন্দ্ৰলৈ প্ৰিজাইডিং আৰু পলিং বিষয়াসকল ৰাওনা হোৱাৰ পিছত বাকী ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ আজি পুৱাৰে পৰা বিষয়া-কৰ্মচাৰী সকল ৰাওনা হৈছে। দৰং জিলাৰ তিনিওটা বিধানসভা সমষ্টিত মুঠ ভোট কেন্দ্ৰ আছে ৮৩৫টা। ইয়াৰ ভিতৰত ছিপাঝাৰ সমষ্টিত ২৮৪টা ,মঙলদৈ সমষ্টিত ২৩৫টা আৰু দলগাঁও সমষ্টিত আছে ৩১৬টা ভোটকেন্দ্ৰ।জিলা প্ৰশাসনে নিৰ্বাচনৰ বাবে নিয়োগ কৰা কৰ্মচাৰীৰ সংখ্যা হল ৪১৭৫গৰাকী। আনহাতে দৰঙত আছে ৩১টা মহিলা ভোটকেন্দ্ৰ। ইয়াৰে ৬টা ছিপাঝাৰত, মঙলদৈত ২৩টা আৰু ২টা আছে দলগাঁও সমষ্টিত। ছিপাঝাৰ বিধানসভা সমষ্টিত ক্ৰমে ছিপাঝাৰ একাডেমীত স্থাপন কৰা ২টা, ঘোৰাবান্ধা বালক প্ৰাথমিকত ২টা আৰু ঘোৰাবান্ধা বালিকাত স্থাপন কৰা ২টা ভোট কেন্দ্ৰ মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব। মঙলদৈ সমষ্টিৰ টেঙাবাৰী প্ৰাথমিকৰ ৩টা, মঙলদৈ বিদ্যাপীঠৰ ২টা,শান্তিপুৰ ছোৱালী হাইস্কুলৰ ৪টা,মঙলদৈ গাওঁ প্ৰাথমিক বিদ্যালয়ত ২টা, মঙলদৈ টাঊন হাইস্কুলৰ ৪টা, মঙলদৈ বি এড কলেজৰ ১টা, মঙলদৈ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২টা, উপহুপাৰা প্ৰাথমিকত ২টা আৰু বামুণপাৰা প্ৰাথমিকৰ তিনিটা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালিত হ’ব মহিলা কৰ্মচাৰীৰ দাৰা। তেনেদৰে দলগাঁও বিধানসভা সমষ্টিৰ দলগাঁও নগৰ প্ৰাথমিক বিদ্যালয়ৰ দুটা ভোট কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’ব। ইফালে নিৰ্বাচনী দায়িত্বত নিয়োজিত হোৱা মহিলাসকল যথেষ্ট উৎসাহী হৈ পৰিছে। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ লগত প্ৰত্যক্ষ ভাবে জড়িত হ’বলৈ পোৱাটো চৰকাৰী চাকৰি জীৱনৰ এটা স্মৰণীয় ক্ষণ হৈ থাকিব বুলিও কেইবাগৰাকীও মহিলা কৰ্মচাৰীয়ে বিনাদ্বিধাই প্ৰকাশ কৰিছে। অৱশ্যে কোনোগৰাকীয়ে পূৰ্বেও নিৰ্বাচনী দায়িত্বত নিয়োজিত হোৱাৰ অভিজ্ঞতাৰে সমৃদ্ধ যদিও প্ৰথম বাৰৰ নিয়োজিত হোৱা মহিলা কৰ্মচাৰীসকলক দেখা গ’ল বেছ উৎসাহী। অৱশ্যে দুই এটা ভোটকেন্দ্ৰত পোহৰৰ আৰু স্নানাগাৰৰ সু-ব্যৱস্থা নোহোৱাৰ কাৰণে সময়ত অসুবিধাৰ সন্মুখীন হোৱা অভিজ্ঞতা থকা বুলিও প্ৰকাশ কৰে। ইফালে দৰং জিলাত প্ৰতিটো বিধানসভা সমষ্টিতে দুটাকৈ মুঠ ৬টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ছিপাঝাৰৰ বি জে বালিকা ছোৱালী হাইস্কুলৰ দুয়োটা, মঙলদৈৰ ভেবাৰঘাট প্ৰাথমিক বিদ্যালয়ৰ দুয়োটা আৰু দলগাঁৱৰ দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুয়োটা কেন্দ্ৰ আদৰ্শ কেন্দ্ৰ হিচাপে স্থাপন কৰা হৈছে।

প্ৰেৰক ৰণজিত কুমাৰ নাথ

You might also like