নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্বতঝোৰাৰ বগৰীবাৰী-টিপকাই আৰক্ষীৰ যৌথ উদ্যোগত  বিশ্ব ধঁপাতবিৰোধী দিৱস পালন

নিয়মীয়া বাৰ্তা, ২৬ জুন : সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি আজি বিটিআৰ কোকৰাঝাৰৰ পৰ্বতঝোৰা মহকুমাত বগৰীবাৰী আৰু টিপকাই আৰক্ষীৰ যৌথ উদ্যোগত বিশ্ব ধঁপাতবিৰোধী দিৱস পালন কৰা হয়।আজি উক্ত দিৱসৰ লগত সংগতি ৰাখি  আৰক্ষীৰ  কৰ্মকৰ্তাসকলে ৰাইজক ধঁপাত তথা ড্ৰাগছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি যুৱপ্ৰজন্মক নিচাযুক্ত সমাজ গঢ়াৰ বাবে এক সজাগতামূলক পদ যাত্ৰা কৰে। এই সজাগতামূলক অনুষ্ঠানটোত ৰাইজক ড্ৰাগছমুক্ত সমাজ গঢ়াৰ বাবে প্ৰচাৰ চলায়। আজিৰ এই কাৰ্যসূচী   বগৰীবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাস, সহকাৰী  উপপৰিদৰ্শক  অনোৱাৰ হুছেইন, টিপকাই উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অংগৰাজ ছেত্ৰীয়ে উপস্থিত থাকি  ধপাঁতৰ পৰা নৱ প্ৰজন্মক বিৰত থকাৰ আহ্বান জনায় । লগতে এই অনুষ্ঠানটোত অঞ্চলটোৰ সচেতন ৰাইজে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী

You might also like