নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বৰলুইতত সন্ধানহীন  ছাত্ৰঃ আৰক্ষী-এছডিআৰএফ বাহিনীৰ অভিযান অব্যাহত

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ যোৱানিশা ধুবুৰী চহৰৰ মাজমজিয়াৰ ট্ৰেজাৰী ঘাটত বৰ লুইতত অকস্মাতে পৰি গৈ সন্ধানহীন হোৱা ছাত্ৰজনৰ সন্ধান বিচাৰি যোৱানিশাৰে পৰা এচডিআৰএফ বাহিনীয়ে আৰম্ভ কৰা অভিযান এতিয়াও অব্যাহত আছে। উল্লেখ্য যে, যোৱাকালি সন্ধিয়াৰ পিছে পিছে ধুবুৰীৰ মিছন ৰোডৰ মিছন ৰোডৰ অভিজিৎ সূত্ৰধৰ নামৰ যুৱকজন চাৰি বন্ধুৰে চহৰখনৰ ১নং ৱাৰ্ডৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ট্ৰেজাৰী ঘাটলৈ ফুৰিবলৈ আহিছিল। ল’গৰ সংগী কেইগৰাকীৰ ভাষ্য অনুসৰি পাৰঘাটত থকা আভ্যন্তৰিন জল পৰিবহন বিড়াগৰ এখন বিকল ফেৰীত বহি কথা পাতি থাকোঁতে অকষ্মাতে নৈখনত পৰি যায় অভিজিৎ। সন্ধানহীন সেই ছাত্ৰজনৰ সন্ধানত যোৱানিশাই আৰক্ষী আৰু এচডিআৰএফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ বৰ লুইতত অভিযান আৰম্ভ কৰে যদিও এই বাতৰি পঠিওৱালৈকে যুৱকজনৰ সন্ধান ওলোৱা নাই। জানিব পৰা মতে, ধুবুৰী চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল অভিজিৎ। ইপিনে নিজৰ একমাত্ৰ পুত্ৰৰ সন্ধানহীন হোৱাৰ ঘটনাক লৈ শোকত ভাগি পৰিছে মাতৃ তথা পেছাত ধুবুৰী শিশু পাঠশালা ধুবুৰীৰ এছ. পি. উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মণিকা সূত্ৰধৰ। উল্লেখ্য যে অভিজিতৰ পিতৃ নিখিল চন্দ্ৰ সূত্ৰধৰৰ কেই বছৰমান পূৰ্বে মৃত্যু হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like