আইনাম, বিয়ানাম, ওজাপালি, দেওধনী, চিয়াগীত, ঢেপাঢুলীয়া, বৰঢুলীয়া আদি সোণসেৰীয়া দৰঙী লোককৃষ্টিৰ সুৰীয়া পৰিৱেশৰ মাজেৰেই আজিৰে পৰা শুভাৰম্ভ হৈছে দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সোণালী জয়ন্তীৰ। অবিভক্ত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকশিল্পীৰ উপস্থিতিত মাংগলিক আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সোণালী জয়ন্তীৰ কাৰ্যসূচীত দৰঙৰ লোককৃষ্টিসমূহক উজ্জীৱিত কৰাৰ ক্ষেত্ৰত বিশেষ কাৰ্যসূচী গ্ৰহণ সন্দৰ্ভতো আলোচনা কৰা হয়।
উল্লেখ্য যে দৰঙৰ লোককৃষ্টি, সংস্কৃতিৰ প্ৰসাৰ, প্ৰচাৰ, গৱেষণা আৰু সংৰক্ষণৰ বাবে ১৯৭৪ চনৰ ১ জুলাইত গঠন হৈছিল দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ । বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা বৰ্ণাঢ্য সোণালী জয়ন্তীৰ আজি শুভাৰম্ভ কৰে দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকাই দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ পতাকা উত্তোলনেৰে। সোণালী জয়ন্তীৰ পতাকা উত্তোলন কৰে নাট্য প্ৰদীপ তথা অৱসৰী অধ্যক্ষ ৰজনীকান্ত নাথে। লোকশিল্পী পদ্মশ্ৰী দ্ৰোণ ভূঞাই স্মৃতি তৰ্পণ কৰাৰ পাছতে দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ প্ৰতিষ্ঠাপক সভাপতি অতুল চন্দ্ৰ বৰুৱা আৰু সম্পাদক লক্ষীৰাম নাথৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কাৰ্যসূচী মুকলি কৰে ক্ৰমে সাহিত্যিক পেঞ্চনাৰ আৰু প্ৰতিষ্ঠাপক শশীধৰ নাথ আৰু বিশিষ্ট সাহিত্যিক-অৱসৰী শিক্ষক পৃথুৰাম বৰুৱাই।
সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক ৰণ্জিত কুমাৰ নাথে পৰিচালনা কৰা শুভাৰম্ভ অনুষ্ঠানৰ মুকলি হয় এটি সমৱেত সংগীতেৰে। আজিৰ অনুষ্ঠানত দৰঙী কৃষ্টি উন্নয়ন সংঘৰ প্ৰয়াত বিষয়ববীয়া আৰু সংঘৰ লগত জড়িত লোকশিল্পীসকলৰ স্মৃতিত বক্তব্য ৰাখি বিশিষ্ট শিল্পী তথা সাংস্কৃতিক সংগঠক হবিবুৰ ৰহমানে দৰঙৰ লোককৃষ্টিক মৰ্যাদাপূৰ্ণ আসনত প্ৰতিষ্ঠা কৰোৱা ব্যক্তিসকলৰ জীৱন আৰু কৰ্মৰাজিক সামৰি বক্তব্য ৰাখে।
আনহাতে, প্ৰতিষ্ঠা কালৰ ৰেঙনি দাঙি ধৰি দৰঙৰ পুৰাতন লোককৃষ্টিসমূহ ভৱিষ্যতৰ প্ৰজন্মলৈ কেনেদৰে আগবঢ়াই লৈ যোৱা হ’ব, স্বকীয় ধৰ্ম ৰক্ষা কৰি ইয়াৰ সংৰক্ষণ,লোকশিল্পীসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে সাহিত্যিক পেঞ্চনাৰ তথা দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ অন্যতম প্ৰতিষ্ঠাতা শশীধৰ নাথ আৰু প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া আৰু ৰজনীকান্ত নাথে। আজিৰ অনুষ্ঠানত স্বকীয়তাৰে দৰঙী লোককৃষ্টিক উজ্জীৱীত কৰা কেইবাগৰাকীও প্ৰবীণ লোকশিল্পীক বিশেষভাৱে আদৰণি জনোৱা হয়।
লক্ষণীয় যে বছৰজোৰা কাৰ্যসূচী জিলাখনৰ ভিন্ন প্ৰান্তৰ শাখাসমূহত অনুষ্ঠিত কৰাৰ লগতে লোককৃষ্টিৰ সাধকসকলক লৈ এখন সন্মিলন অনুষ্ঠিত কৰাৰ বিষয়েও বিশদভাৱে আলোচনা কৰা হয়।