বাক্সা জিলাৰ নতুন বৰলা গাঁৱত ঐতিহাসিক ১২০সংখ্যক মাঘী পূৰ্ণিমাৰ সভা মহোৎসৱ ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হয়। সভা মহোৎসৱৰ সম্পাদক খনীন সৰকাৰে জানিবলৈ দিয়া মতে, তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই মহোৎসৱ উদযাপন কৰা হ’ব।
৩১ জানুৱাৰীত স্বচ্ছতা অভিযান, ৰভা উন্মোচন, মুখ্য দ্বাৰ উন্মোচন, নাম-প্ৰসংগ আদি সুচাৰুৰূপে সম্পন্ন হৈ যায়। আজি পুৱা পৱিত্ৰ ভাগৱত গ্ৰন্থ লৈ গাঁৱৰ প্ৰতিঘৰ লোকৰ পদূলিমূৰলৈ যাত্ৰা কৰাৰ লগতে দুপৰীয়া শ্ৰী শ্ৰী বাসুদেৱ সত্ৰৰ প্ৰাংগণত হোমযজ্ঞ সম্পাদন কৰি ইয়াত প্ৰায় পাঁচ সহস্ৰাধিক লোকক একেলগে মহাভোগ বিতৰণ কৰা হয়।
সভাৰ অন্তিম দিনা (২ ফেব্ৰুৱাৰী) পুৱা ১১ বজাত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। লগতে আবেলি ৩ বজাৰ ধৰ্মসভাত মন মাউত বাপে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত হ’ব বুলি জানিবলৈ দিয়ে স্হানীয় যুৱক হুপেশ দাসে। সন্ধিয়া ৯ বজাত “নৱ জাগৰণ” ভ্ৰাম্যমাণ থিয়েটাৰে নাট প্ৰদৰ্শন কৰি সভা মহোৎসৱৰ সমাপ্ত হ’ব বুলি জনায় নতুন বৰলা গাঁও উন্নয়ন সমিতিৰ সভাপতি অমিয় কুমাৰ শৰ্মাই।