তীৰ্থনগৰী হাজোৰ ঐতিহাসিক পোৱামক্কা দৰগাহৰ পূৰ্ণ উৰুচ মেলা। ফকিৰবাবা, সাধক, ভক্তপ্ৰাণ ৰাইজ, দৰ্শনাৰ্থী আৰু পৰ্যটকৰ ভিৰত উদুলি-মুদুলি হৈ পৰিছে গড়ুৰাচল পাহাৰ। অসম তথা উত্তৰ পূৰ্বাঞ্চলে নহয়, ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে উৰুচ মেলালৈ বুলি লানি নিছিগা সোত বৈছে। “হিন্দু কি মুছলমান, একে আল্লাৰ ফৰমান, মোৰ মনত ভিন পৰ নাই”- শীৰ্ষক আজান ফকীৰৰ কালজয়ী জিকিৰৰ মহান বাণীৰ যেন বাস্তৱ প্ৰতিফলন ঘটিল আজি অনুষ্ঠিত পূৰ্ণ উৰুচ মেলাত।
গড়ুৰাচল পাহাৰৰ শিখৰত অৱস্থিত পোৱামক্কা দৰগাহলৈ হাজো-গুৱাহাটী পথৰ পৰা প্ৰায় চাৰি কিলোমিটাৰজোৰা অঁকোৱা-পকোৱা পথত মাত্ৰ লানি নিছিগা সোত। এই পথছোৱাৰ দুয়োকাষে ভিন্ন প্ৰান্তৰ পৰা অহা হেজাৰ হেজাৰ ফকীৰবাবা-সাধকে অৱস্থান কৰি বাউল, কাৱালী, জিকিৰৰ লেখিয়া দেহবিচাৰ আৰু আধ্যাত্মিক ভাবসম্পন্ন গীত পৰিৱেশনেৰে বৰ্ণিল কৰি তুলিছে সমগ্ৰ গড়ুৰাচল পাহাৰ তথা উৰুচ মেলাৰ পৰিৱেশ।
লক্ষণীয়ভাৱে উৰুচ মেলালৈ ইছলামধৰ্মী লোকৰ সৈতে হিন্দু ভক্ত-দৰ্শনাৰ্থীৰ আগমনো পূৰ্বৰ পৰা পৰিলক্ষিত হৈ আহিছে। কিয়নো ইয়াৰ অন্তৰালত নিহিত হৈ আছে এক পৌৰাণিক কাহিনী।জনশ্ৰুতি অনুসৰি, ভগৱান শ্ৰীকৃষ্ণই ভীষ্মক নন্দিনী ৰুক্মিণীক হৰণ কৰি গড়ুৰ পক্ষীক বাহন হিচাপে লৈ দ্বাৰাকালৈ ওভতাৰ পথত তীৰ্থনগৰী হাজোৰ এই পাহাৰখনত গড়ুৰ পক্ষীটোৱে অচল হৈ ক্ষন্তেক জিৰণি লৈছিল। সেয়া আছিল কোনোবা এটি মাঘ মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমাৰ নিশা।তেতিয়াৰে পৰা হাজোৰ এই পাহাৰখনৰ নাম গড়ুৰাচল হ’ল বুলি হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰি আহিছে আৰু ভগৱান শ্ৰীকৃষ্ণ-ৰুক্মিণীৰ স্মৃতি জড়িত পৌৰাণিক জনশ্ৰুতি স্মৰণ কৰাৰ অৰ্থে গড়ুৰাচল পাহাৰত অৱস্থিত পোৱামক্কা দৰগাহত মাঘী পূৰ্ণিমাৰ নিশা অনুষ্ঠিত পূৰ্ণ উৰুচ মেলালৈ হিন্দু ভক্ত-দৰ্শনাৰ্থীও ঢপলিয়াই আহে। সেই অনুসৰি এইবেলিও পূৰ্বৰ দৰে হিন্দু ভক্ত-দৰ্শনাৰ্থীৰ আগমন পৰিলক্ষিত হৈছে। এই উৰুচ মেলাৰ পুৱতি নিশা ফজৰৰ নামাজৰ পিছতে অনুষ্ঠিত হ’ব বিশ্বশান্তিৰ হকে সমূহীয়া দোৱা।
নিয়মীয়া বাৰ্তা, হাজো, ১ ফেব্ৰুৱাৰী :