নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১১ ডিচেম্বৰ : কৃষিপ্ৰধান অঞ্চল ঢকুৱাখনা। প্ৰকৃতিয়ে সকলো ঢালি দিছে ঢকুৱাখনাক। পথাৰৰ সোণালী ধানেৰে ইতিমধ্যে কৃষকৰ ভঁৰাল ভৰিছে। পথাৰৰৰ সোণালী ধাননিৰ পিছত এতিয়া চৌদিশে সোণৰঙী হালধীয়াৰ সমাহাৰ। যেন হালধীয়াৰ এখন সাগৰ। কিয়নো ঢকুৱাখনাত এতিয়া সৰিয়হ ফুলিছে। প্ৰকৃতিৰ ৰম্যভূমি ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ দুয়োপাৰে সৰিয়হ ফুলৰ হালধীয়া আচ্ছাদন। যেন নৈৰ পাৰত পাৰি দিয়া হৈছে এখন সুকোমল হালধীয়া দলিচা। মহাবাহু ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নৈয়ে আগুৰি ৰখা ঢকুৱাখনাৰ বিস্তীৰ্ণ ভূমিত চকুৰে মণিব নোৱৰালৈকে কেৱল হালধীয়া আৰু হালধীয়া। সৰিয়হ ফুলৰ চঞ্চলা হাঁহিত যৌৱনা এতিয়া ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰ।
দূৰ দিগন্তলৈ কেৱল হালধীয়া আৰু হালধীয়া। যেন বসুন্ধৰাৰ ওপৰেদি উৰিছে এখন হালধীয়া চাদৰ। প্ৰত্যেকৰে নয়ন জুৰাইছে এতিয়া ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰৰ হালধীয়াই। শীতৰ হিমচেঁচা মৃদু বতাহছাটিত হালিছে-জালিছে চঞ্চলা সৰিয়হৰ হালধীয়া ফুলবোৰ। ফুলৰ ৰেণু চুমি মৌ মাখিৰো গুঞ্জন। নীলিম আকাশৰ বুকু চুইছে এই হালধীয়া ৰঙে। এক মনোমোহা নৈসৰ্গিক দৃশ্যই মন্ত্ৰমুগ্ধ কৰি তুলিছে সকলোকে। চালে চকু ৰোৱা হৈ পৰিছে প্ৰকৃতিৰ এই নান্দনিক ৰূপ। সৰিয়হৰ সৰু সৰু হালধীয়া ফুলবোৰে হাতবাউলি মাতিছে সকলোকে। সৰিয়হৰ হালধীয়া আবিৰৰ মাজত যেন হেৰাই যায় কবিৰ কবিতাৰ ছন্দ, হেৰায় যায় গীতিকাৰৰ কথা আৰু সুৰ। সৰিয়হৰ সৰু সৰু হালধীয়া ফুলবোৰে হাতবাউলি মাতিছে সকলোকে। প্ৰত্যক্ষদৰ্শীয়েও নিজৰ মোবাইলত আবদ্ধ কৰিছে দৃষ্টিনন্দন পৰিৱেশৰ লগতে নিজকো। সৰিয়হৰ হালধীয়া বৰণৰ মাজতে লুকাই আছে নৈপৰীয়াৰ সুখ-সমৃদ্ধি। ঢকুৱাখনাৰ শ শ কৃষকে হালধীয়া সুগন্ধি ফুলৰ মাজতে দেখিছে আশাৰ সপোন। এই হালধীয়া বৰণে কৃষকলৈ কঢ়িয়াই আনে সপোনৰ সাকাৰ ৰূপ আৰু ভোগৰ ভোগালী দিন।