নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাৰ খোৰাগাঁৱত মটৰচাইকেলসহ ভাঙিল বাঁহৰ সাঁকোঃ কথমপি প্ৰাণৰক্ষা আৰোহীৰ

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত খোৰাগাঁৱৰ শ্বহীদ খৰ্গেশ্বৰ ৰায় পথত আজি এক অঘটন সংঘটিত হয়। পথটোত থকা এখন বাহৰ সাকো  আজি  হঠাৎ ভাগি পৰাত মটৰ চাইকেল আৰোহী এজন দুৰ্ঘটনাত পতিত হয় । জানিব পৰা মতে, খোৰাগাওৰ শ্বহীদ খৰ্গেশ্বৰ ৰায় পথত থকা সাকোখনেৰে এখন মটৰ চাইকেল পাৰ হবলৈ লওতে সাকোখন ভাগি পৰে । এই দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে মটৰ চাইকেল আৰোহী জন। স্থানীয় লোকে অতি তৎপৰতাৰে মটৰ চাইকেল আৰোহী জনৰ লগতে মটৰ চাইকেলখনো  উদ্ধাৰ কৰে। এই ঘটনাত মটৰ চাইকেল  আৰোহীজন সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হয়। উল্লেখ্য যে হেলাপাখিৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰ খোৰাগাও সংযোগী শ্বহীদ খৰ্গেশ্বৰ ৰায় পথত দীৰ্ঘদিন পুৰ্বে এখন বাহৰ সাকো নিৰ্মান কৰা হৈছিল । কিন্তু মেৰামতিৰ অভাৱত জহিখহি যাব ধৰা বাঁহৰ সাকোখনেৰে  ৰাইজে অতি বিপদসংকুল ভাবে যাতায়ত কৰি আহিছিল। অৱশেষত আজি এই অঘটন সংঘটিত হয়। পথটোৰ বাহৰ সাকোখন এইদৰে ভাগি পৰাত  ৰাইজৰ  যাতায়ত বিঘ্নিত হয় ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like