নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুৰাগীৰ আশা আজি হবনে পূৰণ! ক্ৰমাগত পৰাজয়ৰ ধাৰা অব্যাহত মুম্বাই ইণ্ডিয়ানছৰ

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ ক্ৰমাগত ৮বাৰ পৰাজয়েৰে আইপিএলত ইতিহাস ৰচা মুম্বাই ইণ্ডিয়ানছৰ সন্মুখত আজি সন্মান ৰক্ষাৰ যুঁজ। সন্মুখত এই বৰ্ষৰ পইণ্ট তালিকাত শীৰ্ষত থকা ৰাজস্থান ৰয়েলছ। আইপিএলৰ সবাতোকৈ ঈৰ্ষণীয় সফলতাৰ গৰাকী ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে আজিলৈকে পাঁচবাৰ খিতাপ দখল কৰিছে। সেই দলটোৰ এইবাৰৰ অৱস্থা শোচনীয়। সততে প্ৰতিপক্ষৰ বাবে মূৰৰ কামোৰণি হৈ পৰা দলটো এইবাৰ এই মুহূৰ্তলৈকে এখনো মেচত জিকিব পৰা নাই। আজি দলটোৰ সন্মুখত সেয়ে সন্মান ৰক্ষাৰ যুঁজ। হয়তো এইবাৰৰ আইপিএলত প্লেঅফত খেলাৰ সপোন পূৰণ নহব মুম্বাইৰ বাবে। কিন্তু অনুৰাগীয়ে আশা কৰিছে জয়ী হওক মুম্বাই ইণ্ডিয়ানছ।

You might also like