নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমিকম্পৰ ভয়ত ৩ মহলাৰ পৰা জঁপিয়াই গুৰুতৰভাৱে আহত যুৱক

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ আজি পুৱা ৭.৫১ বজাত অহা ভূমিকম্পই ৰাজ্যৰ বিভিন্ন ঠাইক কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত কৰাৰ সমান্তৰালকৈ গুৱাহাটীতো দুই-এটা ভৱনৰ ক্ষতি কৰে। কিন্তু ভূমিকম্পৰ তীব্ৰ জোকাৰণি দেখি ভয় খাই এগৰাকী যুৱকে তিনিমহলীয়াৰ পৰা জঁপিয়াই প্ৰাণৰক্ষাৰ চেষ্টা কৰিবলৈ গৈ প্ৰাণৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ খবৰ পোৱা গৈছে।

গুৱাহাটীৰ কালাপাহাৰৰ খনীন্দ্ৰ ডেকা নামৰ যুৱকজনে ভূমিকম্পৰ জোকাৰণিত জঁপিয়াই দিয়ে ৩ মহলাৰ পৰা। ফলত গুৰুতৰভাৱে আহত হয় যুৱকজন। যুৱকগৰাকীক হায়াত হাস্পতালত ভৰ্তি কৰোৱা হয়। তেওঁ বুকুত গুৰুতৰভাৱে আঘাত পাইছে বুলি চিকিতসকে জানিবলৈ দিছে।

আনহাতে ভেটাপাৰাৰ ছবিৰুল হুছেইন নামৰ ২৮ বছৰীয়া এগৰাকী যুৱকৰ মূৰত ছাদৰ অংশবিশেষ খহি পৰাত গুৰুতৰভাৱে আহত হয়। অতি সংকটজনক অৱস্থাত যুৱকজনত দিছপুৰ হাস্পতালত ভৰ্তি কৰোৱা হয়।

You might also like